ব্ৰেকিং নিউজ

বটদ্ৰৱাত অকলেই পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব অগপ

Sentinel Digital Desk

ৰাজ্যৰ নিৰ্বাচন আয়োগে পঞ্চায়তীৰাজ ব্যৱস্থাৰ গাঁও সভাৰ সদস্য ,পঞ্চায়তৰ সভাপতি ,আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্য পদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰাৰ পিছত প্ৰতিটো ৰাজনৈতিক দলেই ব্যাপক তৎপৰতা অৱলম্বন কৰাৰ সময়তে শাসকীয় বিজেপিৰ মিত্ৰ দল অগপই ৮৪ নং বটদ্ৰৱা সমষ্টিত পৃথক ভাৱে নিৰ্বাচনত অবতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

এই সন্দৰ্ভত বটদ্ৰৱা অগপৰ সমষ্টি সমিতিৰ সভানেত্ৰী মামনি বৰাই প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত উল্লেখ কৰে যে আঞ্চলিক দল অগপই আগন্তুক পঞ্চায়ত নিৰ্বাচনত কোনো কাৰণতে বিজেপিৰ লগত মিত্ৰতাৰ পাশত আবদ্ধ নহয় । বটদ্ৰৱাত অগপই পৃথক ভাবে নিৰ্বাচনত অবতীৰ্ণ হ'বৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আৰু প্ৰতিটো পঞ্চায়তৰ বাবে প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা বুলি জনাইছে।