ব্ৰেকিং নিউজ

বলীন চেতিয়াৰ অসম গেছ কোম্পানীৰ অধ্যক্ষৰ পদ গ্ৰহণ

Sentinel Digital Desk

চলিত মাহত কেইদিনমান পূৰ্বে সৰ্বানন্দ সোণোৱাল চৰকাৰে ঘোষণা কৰা নিগম নিকাই পদককলৈ দুলীয়াজানৰ শাসকীয় দলৰ বিধায়ক টেৰছ গুৱালাই শদিয়াৰ বিধায়ক বলীন চেতিয়াক দুলীয়াজান স্থিত অসম গেছ কোম্পানীৰ অধ্যক্ষ পদ দিয়াক লৈ মুখ্যমন্ত্ৰীক পদত্যাগ পত্ৰ প্ৰদান কৰি ক্ষোভ উজাৰিছিল যদিও পাছত মুখ্যমন্ত্ৰীয়ে আলোচনাৰ অন্তত সেই পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰে ।

ইফালেদি একেটা বিষয়কে সমৰ্থনত আটচাৰ টিংৰাই , নাওঁহলীয়া আৰু ভাদৈ শাখাই ৰাজপথত শদিয়াৰ বিধায়ক গৰাকীৰ পুট্টালিকা দাহ কৰি প্ৰতিবাদ কৰিছিল । শুকুৰবাৰে গেছ কোম্পানীৰ সভা কক্ষত ডিব্ৰুগড়ৰ লোকসভা সাংসদ ৰামেশ্বৰ তেলী, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, লাহোৱালৰ ৰিতোপৰ্ন বৰুৱা উপস্থিত থকা সভাখনটেই বিধায়ক গৰাকীয়ে দায়িত্ব ভাৰ গ্ৰহণ কৰে । তাৎপৰ্য পূৰ্ণ ভাবে আজিৰ এই সভাখনত দুলীয়াজানৰ বিধায়ক টেৰছ গুৱালা উপস্থিত নথকাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।