ব্ৰেকিং নিউজ

বাংগালোৰত অসমৰ দুই যুৱকক নিৰ্মমভাৱে হত্যা

Sentinel Digital Desk

বহিঃৰাজ্যত আকৌ সংঘটিত হৈছে অসমৰ লোকক হত্যা কৰা ঘটনা। বাংগালোৰত চিটি ভেলী চিকিউৰিটি এজেন্সীত কৰ্মৰত অসমৰ দুই যুৱকক নিৰ্মমভাৱে হত্যা দুৰ্বৃত্তৰ । এজনৰ ঘৰ শিলচৰত আৰু আনজন নগাঁও জিলাৰ কামপুৰৰ কুঁহিমাৰীৰ বিক্ৰম বৰা । বাংগালোৰৰ পৰা বিশেষ বিমানযোগে আনি থকা হৈছে মৃতদেহ ।কিছু সময়ৰ পিছতেই যুৱক দুজনৰ মৃতদেহ গুৱাহাটী পাবহি বুলি জানিব পৰা গৈছে । এই ঘটনাৰ পাছতে সমগ্ৰ ৰাজ্য খনতে চাঞ্চল্য সৃষ্টি হৈছে ।