ব্ৰেকিং নিউজ

বাংগালোৰত অসমৰ দুই যুৱকক হত্যা কৰাৰ অভিযোগত এজনক আটক

Sentinel Digital Desk

বাংগালোৰ আৰক্ষীয়ে যোৱা মংগলবাৰে শিলচৰ আৰু কামপুৰৰ দুই যুৱকক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগত এজন লোকক আটক কৰিছে। ধৃত দুৰ্বৃত্তটো অসমৰে অজিত বহ্ম বুলি জানিব পৰা গৈছে।বাংগালোৰৰ চিটি ভেলী চিকিউৰিটি এজেন্সীত কৰ্তব্যৰত আছিল যুৱক দুজন । বাংগালোৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে অজিত বহ্মক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।