ব্ৰেকিং নিউজ

বাল্যবিবাহৰ বিৰুদ্ধে সজাগতা অভিযান

Sentinel Digital Desk

ৰাজ্যত চলি থকা বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এডলছেন্ট এণ্ড চাইল্ড ৰাইটচ নেটৱৰ্কে আজিৰে পৰা এসপ্তাহ যোৰা সজাগতা অভিযান আৰম্ভ কৰিছে।গুৱাহাটী

প্ৰেছ ক্লাৱৰ পৰা মুকলি কৰা এই সজাগতা অভিযানৰ আৰম্ভনি অনুষ্ঠানত সংবাদমেল সম্বোধন কৰি ইউনিচেফৰ অসম শাখাৰ মুৰব্বী ড০ তুষাৰ ৰাণে সমাজৰ পৰা বাল্য বিবাহৰ

কু-প্ৰভাৱ দূৰ কৰাৰ কথা উল্লেখ কৰে আৰু সকলো ছাত্ৰ-ছাত্ৰীকে উচ্চতৰ মাধ্যমিৰ পৰ্য্যালয়লৈ স্কুলীয়া শিক্ষা গ্ৰহনৰ ওপৰত জোৰ দিয়ে।

এডলছেন্ট এণ্ড চাইল্ড ৰাইটচ নেটৱৰ্কৰ সমন্বয়ক ড০ চিৰঞ্জীৱ কাকতীয়ে সভাত কয় যে বাল্য বিবাহ হল শিশু অধিকাৰ ভংগ কৰা এক অপৰাধ আৰু

বাল্য বিবাহে শিশুৰ শাৰিৰীক,মানসিক,শৈক্ষিক আৰু অৰ্থনৈতিক বিকাশত হেঙাৰ হৈ থিয় দি ভবিষ্যত জীৱন অন্ধকাৰ কৰি তোলে। বহু ক্ষেত্ৰত আৰ্থিকভাবে দুখীয়া পৰিয়ালেও কম বয়সতে

ছোৱালীক বিয়া দিয়ে যাৰ ফলত অকাল মাতৃত্বৰ বোজা ছোৱালী জনীয়ে লব লগা হয় আৰু সন্তান প্ৰসৱৰ সময়ত মাতৃগৰাকী মৃত্যু মুখতো পৰে। কাকতীয় আকৌ কয় যে বিশেষ

সজাগতা অবিহনে এই কু-সংস্কাৰ ৰোধ কৰাটো অসম্ভৱ। গণ মাধ্যম সমুহে এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰাটো প্ৰয়োজনীয় বুলিও কাকতীয়ে উল্লেখ কৰে।

এসপ্তাহজোৰা এই বাল্যবিবাহ সজাগতা অভিযানৰ সময়ত এডলছেন্ট এণ্ড চাইল্ড ৰাইটচ নেটৱৰ্কে গুৱাহাটীৰ বিভিন্ন স্থানত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰিছে।