ব্ৰেকিং নিউজ

বিশ্ব দৰবাৰত সমাদৰ লাভ অসমৰ চাহৰ

Sentinel Digital Desk

চাহ খেতিৰ বাবে অসম বিশ্ববিখ্যাত।বিশ্ব দৰবাৰত সমাদৰ লাভ কৰিলে অসমৰ চাহে।চীন, শ্ৰীলংকা, কেনিয়া, জাপান, কোৰিয়া আদি দেশৰ লগতে ভাৰতবৰ্ষৰো কেইবাখনো ৰাজ্যই অংশগ্ৰহণ কৰিছিল আন্তৰ্জাতিক চাহ প্ৰতিযোগিতাত। অসমৰ পৰা অংশ গ্ৰহন কৰে শোণিতপুৰৰ অৰ্চনা ব্লেক টি-এ লাভ কৰে শ্ৰেষ্ঠতাৰ খিতাপ। হংকঙত অনুষ্ঠিত হোৱা চাহ প্ৰতিযোগিতাত শোণিতপুৰৰ নাহৰবাৰী চাহ ফেক্টৰীয়ে লাভ কৰিছে এই বিজয়ৰ খিতাপ। এই সফলতাই অসমৰ চাহ উদ্যোগীক সকলৰ লগতে সমূহ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।