ব্ৰেকিং নিউজ

বিশ্বনাথৰ জিলা কংগ্ৰেছৰ সভাপতিৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড

Sentinel Digital Desk

বিশ্বনাথ জিলাৰ ৰাজীৱ ভৱনত আজি সংঘটিত হ'ল এক লংকা কাণ্ড । জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে বিশ্বনাথ যুৱ কংগ্ৰেছৰ একাংশ সদস্যই ।

সভাপতি জনে একনায়কত্ববাদ চলাই পঞ্চায়ত নিৰ্বাচনৰ দলীয় প্ৰাৰ্থী নিৰ্বাচনত কৰা খেলিমেলিৰ বাবেই এই কাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ।

সমাগত পঞ্চায়ত নিৰ্বাচনৰ দলীয় টিকত নিৰ্বাচিত সমিতিৰ পেনেলত প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰ আৰু বিশ্বনাথ যুৱ কংগ্ৰেছৰ সভাপতি এলবাৰ্ট ফুকনৰ নাম থকা সত্বেও বৰুৱাই নিজ খেয়াল খুছি মতে পঞ্চায়ত নিৰ্বাচনৰ টিকত নিজৰ ঘনিষ্ঠ সকলক প্ৰদান কৰাৰ কুচকাৱাজ চলোৱাৰ বিৰুদ্ধে গৰজি উঠিল যুৱ কংগ্ৰেছী সকল ।

সভাপতি দিলীপ বৰুৱাৰ বিৰুদ্ধে গোপন ধনৰ লেনদেন কৰি দলীয় টিকত প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে । যাৰ পৰিনতিতে বিশ্বনাথৰ যুৱ কংগ্ৰেছী সকলে কাৰ্যালয়টো লণ্ডভণ্ড কৰি তলা ওলমাই দিয়ে ।