আজিৰে পৰা বৃদ্ধি পালে চিটী বাছৰ ভাড়া। আচ্চে দিনৰ কথা কোৱা নৰেন্দ্ৰ মোডী নেতৃত্বধীন বিজেপি চৰকাৰে পেট্ৰল-ডিজেলৰ মুল্য বৃদ্ধিৰ বাবেই চিটি বাছৰ ভাড়া বৃদ্ধি কৰিবলগীয়া হৈছে।। বাছ শ্ৰমিকৰ মন্তব্য তেলৰ দাম বাঢ়িলেটো ভাড়া বাঢ়িবই। চিটি বাছৰ ন্যূনতম ভাড়া হ’ল ৭ টকা। ৩ কিঃমিঃ পৰ্যন্ত ভাড়া হ’ল ৭ টকা। ৩ৰ পৰা ৫ কিঃমিঃ পৰ্যন্ত ভাড়া হ’ল ৮ টকা। ৫ৰ পৰা ৯ কিঃমিঃ পৰ্যন্ত ভাড়া হ’ল ১২ টকা। ৯ৰ পৰা ১৩ কিঃমিঃ পৰ্যন্ত ভাড়া হ’ল ১৫ টকা। ১৩ৰ পৰা ১৭ কিঃমিঃ পৰ্যন্ত ভাড়া হ’ল ১৮ টকা। ১৭ৰ পৰা ২১ কিঃমিঃ পৰ্যন্ত ভাড়া হ’ল ২১ টকা আৰু ২১ৰ পৰা ২৫ কিঃমিঃ পৰ্যন্ত ভাড়া হ’ল ২৩ টকা। ভাড়া বৃদ্ধিক লৈ সৰ্বত্ৰে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।