ব্ৰেকিং নিউজ

বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি কামপুৰ থানা ঘেৰাও

Sentinel Digital Desk

নগাঁও জিলাৰ কামপুৰ অাৰক্ষী থানাৰ অন্তৰ্গত দেউৰী গাঁৱত শনিবাৰে ৰহস্যজনকভাৱে চিপ লৈ থকা অৱস্থাত এগৰাকী মহিলাৰ মৃত্যুদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল । জানিব পৰামতে, নিশা স্বামী প্ৰমোদ কলিতাৰ সৈতে কিবা কথাত কাজিয়া হৈছিল মৃত পত্নী তৃষ্ণা কলিতাৰ । ঘটনাৰ সময়ত প্ৰমোদ কলিতাৰ ঘৰত অাছিল পংকজ নাথ নামৰ অান এজন যুৱক । পংকজ নাথক বেটেলিয়ান বুলি জানিব পৰা গৈছে । কিন্তু ঘটনাৰ পিছৰ পৰাই পলাতক অৱস্থাত অাছে বেটেলিয়ান পংকজ নাথ । ঘটনাৰ খবৰ পাই কামপুৰ আৰক্ষীয়ে মৃত বোৱাৰী গৰাকীৰ মৰোনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে যদিও তদন্তৰ গতি লেহেমীয়া হোৱাত অঞ্চলটোৰ একাংশ মহিলাই মংগলবাৰে কামপুৰ থানা ঘেৰাও কৰে । ঘটনাটো হত্যাকাণ্ড বুলি দাবী কৰি দোষীক অতি শীঘ্ৰে কৰায়ত্ত কৰি শাস্তি দিবলৈ আৰক্ষীক দাবী তুলি থানা ঘেৰাও কৰে মহিলাসকলে ।