ব্ৰেকিং নিউজ

ইণ্ডো-ভূটান ৰাষ্ট্ৰীয় ঘাইপথ পৰিনত হৈছে কিলাৰ হাইওৱেত

Sentinel Digital Desk

ইণ্ডো-ভূটান ৰাষ্ট্ৰীয় ঘাইপথ অতি সম্প্ৰতি পৰিনত হৈছে কিলাৰ হাইওৱেত ৷ এই ঘাইপথচোৱাৰে অনিয়ন্ত্ৰিত ভাৱে চলাচল কৰা ডাম্পাৰ ট্ৰাক আৰু বিভিন্ন সৰু বৰ যানবাহনৰ কাৰনে নিৰাপত্তা নোহোৱা হৈছে সাধাৰন পথাচাৰী ৰাইজৰ ৷

যোৱা ২৪ অক্টোবৰৰ নিশা পথচোৱাৰ দ্বাৰকুছিত ডাম্পাৰে দুৰ্ঘটনা সংঘটিত কৰি দুজন চফল যুৱকক থিতাতে নিহত কৰাৰ পিছত আজি সন্ধিয়া পুনৰ ঘাইপথ চোৱাৰ উলুবৰৰীৰ পাৰ্বতী চকত এছ ডিচি ২২৪৮ নম্বৰৰ এখন ৰিকভাৰী ভ্যানে পথাচাৰী শ্ৰমিকক মহতিয়াই নি ৰিকভাৰী ভ্যান খন পথৰ দাতিত বাগৰি পৰে ৷দুৰ্ঘটনাটোৰ ফলত এক নং বানগুৰি গাৱঁৰ কল্পৰাম কলিতা (৬৫) আৰু সুৰেন ৰাভা (৫০) থিতাতে নিহত হয় ৷

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ তামুলপুৰ খবৰ দিয়ে ৷ তামুলপুৰ আৰক্ষীয়ে ৰিকভাৰী ভ্যানখন আৰক্ষীয়ে জব্দ কৰে যদিও ইতিমধ্যে চালক গৰাকী ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷