ব্ৰেকিং নিউজ

মহানগৰীৰ বেলতলাত চাৰিখন কয়লাভৰ্তি ট্ৰাক জব্দ

Sentinel Digital Desk

গুৱাহাটী মহানগৰীৰ বেলতলাত চাৰিখন কয়লাভৰ্তি ট্ৰাক জব্দ কৰা হৈছে।লুকুৱাই ৰখা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে ট্ৰাককেইখন।জানিব পৰা মতে বুধবাৰেও দুখন কয়লাভৰ্তি ট্ৰাক জব্দ কৰিছিল আৰক্ষীয়ে। জব্দ কৰা ট্ৰাককেইখনৰ গৰাকী সুজিত সিং বুলি জানিব পৰা গৈছে। উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।