ব্ৰেকিং নিউজ

মাজুলীত সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিলে অত্যাধুনিক ৰ’ৰ’ সেৱা

Sentinel Digital Desk

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গৃহ সমষ্টি মাজুলীত উদ্বোধন কৰে ‘এম ভি ভূপেন হাজৰিকা’ নামৰ অত্যাধুনিক ৰ’ৰ’ সেৱা । উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ প্ৰদান বৰুৱা আৰু কেইবাজনো বিধায়ক উপস্থিত থাকে । বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ জলপথ যোগাযোগ ব্যৱস্থা অধিক সুসংহত আৰু অত্যাধুনিক কৰি তোলাৰ বাবে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।

একেবাৰতে শতাধিক যাত্ৰীৰ উপৰি ২৫টন সামগ্ৰী পৰিবাহী ৮খন ট্ৰাক বহন কৰাৰ ক্ষমতা আছে এই ৰ’ৰ’ জাহাজৰ। সম্পূৰ্ণ ষ্টীলেৰে নিৰ্মিত জাহাজখনত আছে মূল ইঞ্জিনৰ লগতে দুটা অতিৰিক্ত ইঞ্জিন। ভাৰত চৰকাৰৰ আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে ১০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিছে এই ৰ’ৰ’ জাহাজখন। ৰাজ্য চৰকাৰৰ আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ অধীনত কমলাবাৰী আৰু নিমাতীঘাটৰ মাজত নিয়মীয়াকৈ চলিব এই ৰ’ৰ’ জাহাজ। এই ৰ'ৰ' জাহাজখনৰ গতিবেগ হ'ব ঘণ্টাত ১০.৭৫ নট্।