হোজাই জিলাৰ লংকাত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হৈছে । একে দিশৰ পৰা অহা এখন ট্ৰাক গাডীয়ে এজন চাইকেল আৰোহীক খুন্দিওৱাৰ ফলত চাইকেল আৰোহী জন থিতাতে মৃত্যু হয় । লোকজন উদালীৰ সিং গাঁৱৰ আব্দুল মান্নান বুলি জানিব পৰা গৈছে । উক্ত ঘটনা সন্দৰ্ভত জানিৱ পৰা মতে, লংকাত মংগলৱৰীয়া সপ্তাহীক বজাৰ কৰি চাইকেল লৈ আব্দুল মান্নান নামৰ লোক জন নিজ ঘৰলৈ গৈ থকা অৱস্হাত লামডিং ৰোডৰ নেপকো অফিচৰ সম্মূখত একে দিশৰ পৰা অহা ট্ৰাক গাডী খনে পিছফালৰ পৰা খুন্দোৱাৰ ফলত থিতাতে চাইকেল আৰোহী আব্দুল মান্নানৰ মৃত্যু হয় । পিছত স্হানীয় ৰাইজে দূৰ্ঘটনা সংঘটিত কৰা ট্ৰাক গাডী খন জব্দ কৰে । দূৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ নম্বৰ এএছ ০৯ চি ৬৬২৯ । পিছত লংকা আৰক্ষী ঘটনাস্হলীত উপস্হিত হৈ পৰিস্হিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মৃত চাইকেল আৰোহী জনক মৰোনত্বৰ পৰিক্ষাৰ বাবে আৰু ট্ৰাক খনক লংকা থানালৈ লৈ আহে ।