ব্ৰেকিং নিউজ

লামডিঙত তিনি দিনত তিনি ঠাইত চুৰিকাণ্ড

Sentinel Digital Desk

এতিয়া অসম আৰক্ষীৰ নাকৰ তলতে টিঘিল ঘিলাইছে চোৰে ৷ বিগত তিনি দিনত তিনিখনকৈ ব্যৱসায়ী প্ৰতিষ্ঠানত অভিযান চলালে চোৰে আৰু লুটি লৈ গ'ল বহু টকাৰ সামগ্ৰী ৷ এই ঘটনা হোজাই জিলাৰ লামডিঙৰ ৷ হয় প্ৰতিদিনেই যেন এতিয়া চোৰৰ লক্ষ্য হৈ পৰিছে কাৰোবাৰ বাসগৃহ অথবা ব্যৱসায়াক প্ৰতিষ্ঠান ৷ লামডিঙত বিগত তিনিদিনত চোৰে চাফা কৰিলে তিনিখন ব্যৱসায়ীক প্ৰতিষ্ঠান ৷ লামডিং আৰক্ষী চকীৰ পৰা ১০০ মিটাৰ দূৰত্বত থকা এখন কাপোৰৰ দোকানত চোৰে নগদ টকা সহ প্ৰায় ৬০ হাজাৰ টকাৰ সামগ্ৰী চোৰীৰ আৰম্ভ কৰি পিছত লামডিং বজাৰৰে অন্য এখন দোকানত চোৰ কৰি আজি আকৌ দক্ষিণ লামডিঙৰ এখন দোকান ভাঙি চোৰে লৈ গ'ল বহু টকাৰ সামগ্ৰী ৷ মুঠৰ ওপৰত লামডিঙত এতিয়া পিতপিটাই থকা চোৰে নিদ্ৰা হৰিছে লামডিং আৰক্ষীৰ ৷