ব্ৰেকিং নিউজ

লামডিঙত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

Sentinel Digital Desk

ৰেলনগৰী লামডিঙত ৰেল আৰক্ষীৰ বিশেষ দলৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ ৷ ৰেল আৰক্ষীৰ বিশেষ দলৰ অভিযানত জব্দ প্ৰায় ৫০কেজিৰো অধিক গাঞ্জা জব্দ ৷ নামনিমুৱা ১২৪৩৫ ডিব্ৰুগড় -নিউ দিল্লী ৰাজধানী এস্কপ্ৰেছ ৰেলখনৰ পৰা উদ্ধাৰ কৰে গাঞ্জাখিনি ৷ৰেল আৰক্ষীয়ে গাঞ্জা সৰবৰাহকাৰীৰ সন্ধানত অভিযান আৰু তীব্ৰতৰ কৰি তোলিছে। এতিয়ালৈ কোনো ব্যক্তিক আটক কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে।