ব্ৰেকিং নিউজ

লামডিঙত সদৌ অসম বঙালী পৰিষদৰ ৰেল অৱৰোধ

Sentinel Digital Desk

ৰেল নগৰী লামডিঙত আজি সদৌ অসম বঙালি পৰিষদৰ হোজাই জিলা কমিটিয়ে এক ৰেল অৱৰোধ কাৰ্য্যসুচী ৰূপায়ণ কৰে। ডিটেনচন কেম্পৰ পৰা হিন্দু সকলক মুকলি কৰা, বিদেশী ন্যায়াধীশকৰণ আদালতত হিন্দু বেংগলীৰ বিৰুদ্ধে চলা ডি ভোটাৰৰ গোচৰ উঠাই লোৱা, এনআৰচি আৰু বিদেশীৰ নামত হিন্দু বেংগলীক অত্যাচাৰ বন্ধ কৰা, এনআৰচিৰ পৰা বাদ পৰা হিন্দু বেংগলীৰ নাম অন্তৰ্ভূক্ত কৰা আদি পাঁচটা দাবীৰে কাৰ্য্যসুচী পালন কৰে।সংগঠনটোৰ প্ৰায় দুই শতাধিক নেতা-কৰ্মীয়ে বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।প্ৰতিবাদৰ ফলত লামডিং ষ্টেচনত আবদ্ধ নামণিমুৱা ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ।