ব্ৰেকিং নিউজ

শিৱসাগৰৰ আমগুৰিত পুনৰ এক জঘন্য ঘটনা সংঘটিত

Sentinel Digital Desk

শিৱসাগৰ জিলাৰ আমগুৰিত সংঘটিত এক জঘন্য ঘটনাই সমগ্ৰ জিলা খনতে চাঞ্চল্য সৃষ্টি কৰিছে। এটা লম্পটৰ কামনাৰ বলি হৈ ১৬ বছৰীয়া এগৰাকী যুৱতী পাঁচ মাহৰ অন্ত:সত্বা হবলগীয়া হৈছে।লম্পটটোৰ নাম চটাইছিগা অঞ্চলৰ বুবুল আলী বুলি জানিব পৰা গৈছে।

ইতিমধ্যে আৰক্ষীয়ে ভুক্তভোগী পৰিয়ালটোৱে আমগুৰি থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত পলাতক অৱস্থাত থকা অভিযুক্ত বুবুল আলীক গ্ৰেপ্তাৰ কৰিছে।আৰক্ষীয়ে লগতে অভিযুক্ত বুবুল আলীয়ে পলাবলৈ ব্যৱহাৰ কৰা এখন ভান জব্দ কৰিছে।

অতি দৰিদ্ৰ ভুক্তভোগী পৰিয়ালটোৱে কিশোৰীগৰাকীক চিকিৎসা কৰিবলৈও প্ৰয়োজনীয় অৰ্থৰ অভাৱত ভূগিছে বুলি জানিব পৰা গৈছে।অপৰাধীয়ে যাতে কঠোৰ শাস্তি লাভ কৰে তাতে আশা কৰিছে ভুক্তভোগী পৰিয়ালটোৱে।