ব্ৰেকিং নিউজ

শোণিতপুৰত বনৰীয়া হাতীৰ আতংকত বিনিদ্ৰ ৰজনী ৰাইজৰ

Sentinel Digital Desk

শোণিতপুৰৰ ৰঙাপাৰাত বনৰীয়া হাতীৰ আতংক। দেওবাৰে নিশা চাৰিটাকৈ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকটোৱে। হাতীৰ জাকটোৱে ৰঙাপাৰাৰ হাতীবাৰী চাহ বাগিচাত প্ৰৱেশ কৰি বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে ঘৰত মজুত কৰি ৰখা খাদ্য সামগ্ৰী খাই তহিলং কৰে । বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালকেইটা । বনৰীয়া হাতীৰ আক্ৰমনত এতিয়া নিদ্ৰা বিহীন ৰজনী পাৰ কৰিবলগীয়া হৈছে ৰাইজে ।