ব্ৰেকিং নিউজ

শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে জন্মভূমি বটদ্ৰৱাত উদুলি মুদুলি পৰিবেশ

Sentinel Digital Desk

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ সংখ্যক জন্মোৎসৱ উপলক্ষে আজি তেৰাৰ পৱিত্ৰ জন্মভূমি বটদ্ৰৱাত এক উদুলি মুদুলি পৰিবেশৰ সৃষ্টি হৈছে। পুৱাৰেপৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্ত- বৈষ্ণৱ, দৰ্শনাৰ্থীৰ সোঁত বৈছে পৱিত্ৰ বটদ্ৰৱা থানলৈ। গুৰু বন্দনা, হৰিন‍ামৰ ধ্বনিৰে দ্বিতীয় বৈকুণ্ঠত পৰিণত হৈছে বটদ্ৰৱা থান। আজি গুৰুজনাৰ জন্মতিথি উপলক্ষে পুৱা নিত্য নৈমিত্তিক প্ৰসংগ ৰ অন্তত উলিওৱা হ'ল এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্য্যকৰী সভাপতি ভোগেশ্বৰ বৰাই উদ্বোধন কৰা শোভাযাত্ৰাটিত শিশুৰ পৰা আবাল বৃদ্ধ বণিতালৈকে কেইবা সহস্ৰাধিকে অংশ লৈ হৰিনাম কীৰ্তন, গুৰু বন্দনাৰে মুখৰিত কৰি তোলে বটদ্ৰৱাৰ আকাশ বতাহ। এই শোভাযাত্ৰাটিত গুৰুজনাৰ সৃষ্ট সত্ৰীয়া সংস্কৃতিৰ গীত-মাত, বৰগীত,গায়ন-বায়ন, অংকীয়া ভাওনাকে ধৰি বিভিন্ন সমলসমূহ প্ৰতিকী ৰূপত প্ৰদৰ্শন কৰা হয়।