ব্ৰেকিং নিউজ

সংকটজনক অৱস্থাত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী

Sentinel Digital Desk

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ জেষ্ঠ নেতা অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি হোৱা বুলি জানিব পৰা গৈছে।বৰ্তমান দিল্লীৰ ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিস্থানত (এইমচ) চিকিৎসাধীন হৈ আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকী।স্বাস্থ্যৰ অধিক অৱনতি হোৱাত তিনিদিন ধৰি ভেন্টিলেশ্যনত বিশেষজ্ঞ চিকিৎসকৰ দলৰ তত্বাৱধায়নত ৰখা হৈছে বাজপেয়ীক।বাজপেয়ীৰ দিল্লীস্থিত কৃষ্ণ মেনন মাৰ্গস্থিত বাসগৃহৰ সমুখত সাজু হৈ উঠিছে সেনা বাহিনীৰ লগতে দিল্লী আৰক্ষী।প্ৰাক্তন প্ৰধানমন্ত্ৰী জনৰ বাসগৃহত সাংবাদিকৰ লগতে বিভিন্ন গুণমুগ্ধই ভিৰ কৰিছে।প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু,গৃহমন্ত্ৰী ৰাজনাথ সিং,বিজেপিৰ জেষ্ঠ নেতা লাল কৃষ্ণ আদৱানীৰ লগতে প্ৰায় সকলো নেতাই স্বাস্থ্যৰ বুজ লয়।অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এইমছত উপস্থিত হৈ বাজপেয়ীৰ স্বাস্থ্যৰ বুজ লয়।