ব্ৰেকিং নিউজ

সোণাৰিত জঘন্য হত্যাকাণ্ড, গাঁৱবুঢ়া,গাঁৱৰক্ষী বাহিনীৰ সম্পাদকক আটক

Sentinel Digital Desk

সোণাৰিত এক জঘন্য হত্যাকাণ্ড সংঘটিত হৈছে। জীতেন সন্দিকৈ নামৰ এজনক মৰিয়াই মৰিয়াই হত্যা কৰি আত্মহত্যা ৰূপ দিলে নিজৰে পত্নী লগতে গাওঁৰক্ষী বাহিনীৰ বিষয় ববীয়াৰ লগতে গাওঁবুঢ়াই।আৰক্ষীক অৱগত নকৰাকৈয়ে জ্বলাই দিলে মৃতদেহ। সোণাৰিৰ বাহবড়ীয়াত এই জঘন্য ঘটনা সংঘটিত হয়।ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে গাওঁবুঢ়া,গাওঁৰক্ষী বাহিনীৰ সম্পাদকসহ মৃত জিতেন সন্ধিকৈৰ পত্নীক।আৰক্ষীৰ জোৰদাৰ তদন্ত আৰম্ভ।সমগ্ৰ ঘটনাৰ সন্দৰ্ভত মৃত জিতেন সন্দিকৈৰ পত্নী দুলুমণি সন্দিকৈ,বাহবড়ীয়া গাৱৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক হেম সন্দিকৈ আৰু গাওঁবুঢ়া ঘণকান্ত কোৱঁৰক সোণাৰিৰ আৰক্ষী বিষয়া দিপান্তৰ ফুকনে আটক কৰিছে।উল্লেখযোগ্য যে যোৱা ২২ আগষ্টৰ নিশা নিৰ্মম ভাবে মাৰপিট কৰি জিতেন সন্দিকৈয়ে আত্মহত্যা কৰাৰ ৰূপ দিছিল কুখ্যাত কেইজনে।