ব্ৰেকিং নিউজ

সোণাৰিত পুৱতি নিশা ধুমুহাৰ তাণ্ডৱ

Sentinel Digital Desk

চৰাইদেউ জিলাৰ সোণাৰিত পুৱতি নিশা অহা এজাক প্ৰৱল ধুমুহাই নিমিষতে বিধস্ত কৰি থৈ গল বহু বাসগৃহ। সোণাৰি সমীপৰ নাফুক চাহ বাগিচা আৰু নাফুক গাঁৱৰ মাজেদি পাৰ হৈ যোৱা ধুমুহাৰ ফলত বাসগৃহৰ ওপৰত গছ পৰি তচ নচ কৰি থৈ যায়।

প্ৰায় চল্লিছটাকৈ বাসগৃহ ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে ।ঘৰৰ ওপৰত প্ৰকাণ্ড গছ পৰি কেইবাজনো লোক আহত। চান্তু মুণ্ডা,চেৰু মুণ্ডা, পাইলা মুণ্ডা আৰু তাৰামণি মাল গুৰুতৰ ভাবে আহত হয়।আহত সকলক চিকিৎসালয়ত নাফুক বাগিচা চিকিসালয়ত ভৰ্তি কৰোৱা হয় । পথৰ ওপৰত প্ৰকাণ্ড গছ পৰি যাতায়ত সম্পূৰ্ণ বন্ধ হৈ পৰে। ধুমুহাৰ ফলত বিদ্যুৎ যোগান ব্যাহত হৈ পৰে।