ব্ৰেকিং নিউজ

সৰ্বানন্দ সোণোৱালৰ সৈতে অগপ নেতৃত্বৰ বৈঠক

Sentinel Digital Desk

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অসম গণ পৰিষদৰ নেতৃত্বৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসভৱনত নিশা ৮.৩০ বজাৰ পৰা প্ৰায় ১০ বজালৈ অনুষ্ঠিত হয় এই বৈঠক। বৈঠকত উপস্থিত আছিল অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী লগতে হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে।আগন্তক ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত বিশেষ বৈঠকৰ আয়োজন কৰা হয়। মিত্ৰদলটোৰ কেতবোৰ ক্ষোভ-অসন্তুষ্টিৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। অসমৰ সমসাময়িক ৰাজনৈতিক পৰিস্থিতিৰ লগতে তথা এনআৰচি আৰু নাগৰিক সংশোধনী বিধেষক ২০১৬ৰ প্ৰসংগতো আলোচনা কৰা হয়।