ব্ৰেকিং নিউজ

হাইলাকান্দিত কনিষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ'ল এজনৰ

Sentinel Digital Desk

দূর্গাপূজাৰ প্ৰাকমূহুৰ্তত অঘটন হাইলাকান্দিত। মাত্ৰ ৫০ টকাৰ বাবে কনিষ্ঠ ভাতৃয়ে হত্যা কৰিলে জেষ্ঠ ভাতৃক। হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্তবৰ্তী ৰামনাথপুৰত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। জেষ্ঠ ভাতৃ মিটন দাসক চুকা দাৰে ঘপিয়াই হত্যা কৰে কনিষ্ঠ ভাতৃ মিঠু দাসে । আৰক্ষীয়ে হত্যাত ব্যৱহৃত দা খন উদ্ধাৰ কৰে যদিও বৰ্তমানেও পলাতক অৱস্থাত আছে হত্যাকাৰী ভাতৃ।স্থানীয় লোকে প্ৰকাশ কৰে জেষ্ঠ ভাতৃয়ে মাত্ৰ ৫০ টকা নিদিয়াৰ বাবে মদৰ নিচাত কনিষ্ঠ ভাতৃয়ে দাৰে ঘপিয়াই সংঘটিত কৰে এই হত্যাকাণ্ড।উক্ত ঘটনাক লৈ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত।