ব্ৰেকিং নিউজ

হিজবুল মুজাহিদ্দিনৰ কৰ্মকাণ্ডক প্ৰতিহত কৰিবলৈ অসম আৰক্ষীক আহ্বান বিধায়ক শিবু মিশ্ৰৰ

Sentinel Digital Desk

ৰাজ্য কপোৱা সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদিনে ৰচা ব্লুপিন্টত লামডিং নাম সন্নিবিষ্ট হোৱাত এতিয়া লামডিং সৃষ্টি হৈছে আতংকময় পৰিবেশ ৷ আজি লামডিঙত লামডিং বিধানসভা সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই হিজবুল মুজাহিদ্দিনৰ কৰ্মকাণ্ডক প্ৰতিহত কৰিবলৈ অসম আৰক্ষীক আহ্বান জনায়।বিধায়ক গৰাকীয়ে কৃষক নেতা অখিল গগৈ আৰু প্ৰাক্তন আলফা নেতা জীতেন দত্তক সমালোচনা কৰি কয় যে অসমৰ প্ৰতিটো সমস্যাৰ ক্ষেত্ৰতে সততে মাত মতা অখিল গগৈ আৰু জীতেন দত্তই হিজবুল মুজাহিদিনৰ সম্পৰ্কত কিয় মাত মতা নাই এতিয়া লৈকে ৷ এক বিস্ফোৰক মন্তব্যৰে বিধায়ক গৰাকীয়ে কয় যে জীতেন দত্ত তথা অখিল গগৈৰ সৈতে হিজবুল সন্ত্ৰাসবাদীৰ কোনো বুজাবুজি থকাৰ বাবেই নিমাত দুয়ো অসমপ্ৰেমী নেতা ৷বিধায়ক গৰাকীয়ে কয় যে-সময় থাকোতেই অসমৰ ৰাইজ সজাগ নহলে অসমৰ ভেটিহে থাকিব জাতি নাথাকে।এটা বিশেষ সম্প্ৰদায়ে অসমত ৰাজত্ব কৰাৰ বাবেই ব্লু প্ৰিন্ট ইতিমধ্যে চলাইছে ৷ সমাগত দিনত দূৰ্গা পূজা সেয়হে লামডিং ৰাইজক সজাগ হবলৈ আহ্বান কৰে বিধায়ক গৰাকীয়ে ৷