ব্ৰেকিং নিউজ

ৰাহুল গান্ধী, ছুনিয়া গান্ধী উপস্থিত থাকিব মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত

Sentinel Digital Desk

কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী আৰু মাতৃ ছুনিয়া গান্ধী উপস্থিত থাকিব নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত । আজি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হব শপত গ্ৰহণ অনুষ্ঠান । এই অনুষ্ঠানত ৮০০০ অতিথি উপস্থিত থকাৰ লগতে বিদেশ ৰাষ্ট্ৰৰো নেতা উপস্থিত থাকিব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেতৃত্ব বিজেপিয়ে লোকসভা নিৰ্বাচনত অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হয় । দ্বিতীয় বাৰৰ বাবে আজি নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । পূৰ্বতে জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰ দৰে মোদীয়ে বৃহৎ সংখ্যক ভোটত জয় লাভ কৰে ।

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙ উপস্থিত থাকিব মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত।আজি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হব মোদী শপত গ্ৰহণ অনুষ্ঠান । ঐতিহাসিক স্থানত বৰ্ণাঢ্য অনুষ্ঠানত প্ৰায় ৮ ,০০০ অতিথি উপস্থিত থাকিব । সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হব শপত গ্ৰহণ অনুষ্ঠান। BIMSTEC দেশৰ নেতা উপস্থিত থাকিব এই অনুষ্ঠানত ।

বিশ্বৰ বিভিন্ন দেশৰ নেতাৰ লগতে , মুখ্যমন্ত্ৰী, দলৰ নেতা আৰু বিৰোধীৰ নেতা, কূটনীতিজ্ঞ, ৰাষ্ট্ৰদূত আৰু চেলিব্ৰেটি উপস্থিত থাকিব মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত । প্ৰায় ১০০ ৰো অধিক এন আৰ আইও উপস্থিত থাকিব এই অনুষ্ঠানত ।

ৰাষ্ট্ৰপতি ভবনৰ ফৰকোৰ্টত অনুষ্ঠিত হব শপত গ্ৰহণ অনুষ্ঠানৰ । ২০১৪ চনতো এই অনুষ্ঠানতে শপত গ্ৰহণ কৰিছিল বিজেপি চৰকাৰে। ২০১৪ চনত প্ৰায় ৫০০০ লোক উপস্থিত আছিল ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি