মনোৰঞ্জন

আহিবলগীয়া ছবি লুড' ত অভিষেক বচ্চনৰ লগত থাকিব ৰাজকুমাৰ ৰাও

Sentinel Digital Desk

আহিবলগীয়া ছবি লুড' ত অভিষেক বচ্চনৰ লগত থাকিব ৰাজকুমাৰ ৰাও । বহু দিনৰ বিৰতিৰ পিছত আহি আছে অভিষেক বচ্চনৰ আন এখন ছবি লুড' ।‌ এই ছবি খনত অভিষেক বচ্চনৰ লগত দেখিবলৈ পোৱা যাব জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ ৰাও। আহিবলগীয়া ছবি লুড' ৰ পৰিচালনা কৰিব অনুৰাগ বসুই । এই ছবি খনত অভিষেক বচ্চন, ৰাজকুমাৰ ৰাওৰ উপৰিও সান্যা মালহোত্ৰা,ফাতিমা খান শেখ, আদিত্য ৰায় কাপুৰ, পংকজ ত্ৰিপাথী, ৰোহিত সৰাফ, আৰু আশা নেগীৰ লগতে আন বহু অভিনেতা অভিনেত্ৰীক দেখিবলৈ পোৱা যাব।

আহিবলগীয়া ছবি লুড' সম্পৰ্কে অভিনেতা অভিষেক বচ্চনে টুইটাৰত পোষ্ট ও কৰিছে । অভিষেক বচ্চনৰ লগত আন অভিনেতা অভিনেত্ৰী সকলেও ছবি খন সম্পৰ্কে ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰিছে। এই ছবি খনৰ পোষ্টাৰ ইতিমধ্যে মুক্তি লাভ কৰিছে ।

https://twitter.com/juniorbachchan/status/1210494873154883589

অনুৰাগ বসুৰ পৰিচালনাত নিৰ্মান হ'ব লগীয়া লুড'ই মুক্তি লাভ কৰিব ২০২০ চনৰ ২৪ এপ্ৰিল তাৰিখে। ইয়াৰ পূৰ্বে অনুৰাগ বসুৰ জগ্গা জাসুচ নামৰ ছবি খন ২০১৭ চনত মুক্তি লাভ কৰিছিল। এই ছবি খনত ৰণবীৰ কাপুৰ আৰু কেট্ৰিনা কেইফে অভিনয় কৰিছিল ।

বলিউডৰ অভিনেতা অভিষেক বচ্চনক লুড'ৰ উপৰিও কাল্পনিক ছবি 'কাহিনী'ত বাবা বিশ্বাসৰ চৰিত্ৰত দেখা পোৱা যাব। তদুপৰি এই ছবি খন সুজায় ঘোষৰ বাউণ্ড স্ক্ৰিপ্ট প্ৰডাকচনে এই ছবি খন নিৰ্মান কৰিব । ছবি খনত বাবা বিশ্বাস মুখ্য চৰিত্ৰ হ'ব । জানিব পৰা মতে এই ছবি খনৰ নিৰ্মাণৰ কাম ২০২০ চনৰ পৰা আৰম্ভ হ'ব ।

তদুপৰি লুড'ৰ আগতে ৰাজকুমাৰ ৰাওৰ অন্য এখন ছবি 'চিমলা মিৰ্চি' মুক্তি লাভ কৰিব। এই ছবি খন ২০২০ চনৰ ৩ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰিব। এই ছবি খনত হেমামালিনী, ৰুকুল প্ৰীতম,শক্তি কাপুৰকো দেখা পোৱা যাব। এই ছবি খনৰ নিৰ্দেশনা কৰিছে ৰমেশ সিপ্পীয়ে । তদুপৰি ৰাজকুমাৰ ৰাওয়ে ছাদী মে জৰুৰ আনা, স্ত্ৰী, কাই পো চি , বাৰ্লি কি বৰ্ফি আদি বিভিন্ন ছবিত অভিনয় প্ৰদৰ্শন কৰিছে ।