মনোৰঞ্জন

উত্তৰ প্ৰদেশৰ ব্ৰাহ্মণ সমাজৰ পিছত আৰ্টিক’ল ১৫ ৰ সন্দৰ্ভত কৰণী সেনাৰ প্ৰতিক্ৰিয়া

Sentinel Digital Desk

উত্তৰ প্ৰদেশৰ ব্ৰাহ্মণ সমাজৰ পিছত এইবাৰ কৰণী সেনাই বলীউডৰ চৰ্চিত ছবি আৰ্টিকল ১৫ ৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ডাইৰেক্টৰ অনুভৱ সিন্হাক সমাজৰ বহু লোকৰ পৰা প্ৰতিক্ৰিয়া লাভ কৰিছে ৷ যেতিয়া ছবিখনৰ ট্ৰেইলৰে মুক্তি লাভ কৰিছিল তেতিয়াই ছবিখন বিবাদত পৰিছিল ।

কৰণী সেনা আৰু ব্ৰাহ্মন সমাজে ছবিখনৰ স্কীনিঙত বিৰোধ কৰিব বুলি প্ৰকাশ কৰিছে ৷ ইফালে অনুভৱ সিন্হাই সমাজৰ বহু সংবেদনশীল বিষয় উত্থাপন কৰি ছবি নিৰ্মাণ কৰে। তাৰ ভিতৰত অন্যতম হৈছে মুল্ক৷ ইয়াৰ বিপৰীতে যেতিয়া আৰ্টিকল ১৫ ৰ মুক্তি লাভ কৰাৰ সময় সীমিত হৈ আহিছে ,তেতিয়াই ছবিখনলৈ হুংকাৰ আহিছে ৷

অনুভৱ সিন্হাৰ আৰ্টিকল ১৫ ক লৈ সম্প্ৰতি উত্তৰ প্ৰদেশৰ ব্ৰাহ্মণ সমাজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ উত্তৰ প্ৰদেশৰ পৰশুৰাম সেনাৰ সদস্য কৌশল তিৱাৰীয়ে কয় যে যদি ঠাকুৰ আৰু ৰাজপুত সকলে পদ্মাৱত মুক্তি লাভ কৰাত প্ৰতিবন্ধকতা আৰোপ কৰিব পাৰে তেন্তে ব্ৰাহ্মণসকলে নিজৰ সন্মানৰ কাৰণদ এই ছবিখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব পাৰে।

ইয়াৰ কাৰণে আমি ছ’চিয়েল মিডিয়াত এটা গোট গঠন কৰিম। যেতিয়া ছবিখনৰ দৃশ্য গ্ৰহণ মাৰ্চ এপ্ৰিলত লক্ষ্ণৌত হৈ আছিল তেতিয়া ছবিখনৰ কাহিনী সম্বন্ধে আমি জ্ঞাত নাছিলো। সেই কাৰণে আমি ছবিখনৰ বিৰোধ কৰিব পৰা নাছিলো।

অন্যহাতে ছবিখনে মুক্তি লাভ কৰিব ২৮ জুনত । পৰশুৰাম সেনা নামৰ সংগঠনে অভিযোগ কৰে যে ছবিখনে ব্ৰাহ্মণ সমাজৰ মানুহৰ মনত নেতিবাচক দৃষ্টিভংগী প্ৰস্তুত কৰিব ৷ গতিকে ছবিখনক ছবিগৃহত মুক্তি হ’বলৈ নিদিয়ে ৷ সেয়েহে ইতিমধ্যে ছবি গৃহৰ কৰ্তৃপক্ষৰ প্ৰশাসনৰ পৰা সুৰক্ষা বিছাৰিছে ৷

ইফালে আৰ্টিক’ল ১৫ ৰ ট্ৰেইলৰ মুক্তি লাভ কৰিছিল ৩০ মে’ত ৷ এই ছবি খনত আয়ুস্মাণ খুৰানাই আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে। বাদাউন ৰেপ কেছ আৰু ভাৰতীয় সংবিধানৰ সূচী ১৫ ক লৈ অনুভৱ সিন্হাই নিৰ্মাণ কৰিছে আৰ্টিক’ল ১৫ ৷ উল্লেখ যে ছবিখনৰ প্ৰায়ভাগ দৃশ্যগ্ৰহণ লক্ষ্ণৌত হৈছে। ছবিখনৰ কাহিনী ২০১৪ চনত দুগৰাকী ভগ্নীৰ কৰা ৰেপ আৰু ইয়াৰ পিছত হত্যা ওপৰত আধাৰিত ৷

বদায়ুৰ এখন গাঁৱত দুগৰাকী দলিত যুৱতীক গেংগ ৰেপ কৰি গছত ওলোমাই দিয়া হৈছিল। ইয়াৰ বিপৰীতে ২০১৪ চনৰ ডিচেম্বৰ মাহত চিবিআইয়ে এই ঘটনাটোক আত্মহত্যাৰ ঘটনা বুলি বন্ধ কৰি দিয়ে ৷ সম্প্ৰতি অনুসূচি ১৫ ৰ যথেষ্ট চৰ্চা লাভ কৰিছে অনুৰাগীসকলৰ মাজত।