মনোৰঞ্জন

গলৱানৰ অতন্দ্ৰ প্ৰহৰী ভাৰতীয় সেনাৰ বলিদানক লৈ অজয়ৰ পৰৱৰ্তী ছবি

Sentinel Digital Desk

সুউচ্চ লাডাখৰ গলৱানত অতন্দ্ৰ প্ৰহৰীৰ ৰূপত থিয় দি থকা ভাৰতীয় সেনাৰ বলিদানক লৈ পৰৱৰ্তী ছবি নিৰ্মাণৰ যো-জা চলাইছে জনপ্ৰিয় অভিনেতা অজয় দেৱগনে। জনপ্ৰিয় অভিনেতাজনে লোৱা এই সিদ্ধান্তৰ কথা

শেহতীয়াকৈ প্ৰকাশ কৰিছে বিশিষ্ট ছবি সমালোচক তৰণ আদৰ্শই। টুইটাৰত সমালোচকজনে জনায় যে অজয়ে এই ছবিখনৰ প্ৰযোজনা কৰিব। অৱশ্যে বৰ্তমানলৈকে ছবিখনৰ নাম আৰু কোনে কোনে অভিনয় কৰিব তাক লৈ কোনো চূড়ান্ত সিদ্ধান্ত হোৱা নাই।

তদুপৰি ছবিখনত অভিনেতা অজয়ে অভিনয় কৰিবনে নকৰে তাক লৈ কোনোধৰণৰ তথ্য প্ৰকাশ কৰা নাই সমালোচক আদৰ্শই। উল্লেখ্য যে চলিত বৰ্ষৰ ১৫জুনত গলোৱানত সংঘটিত হোৱা চীনা আৰু ভাৰতীয় সেনাৰ সংঘৰ্ষত ছহিদ হয় ২০জনকৈ ভাৰতীয় সেনাৰ বিষয়া-জোৱান। ইয়াৰ পাছতে চীন-ভাৰতৰ সম্পৰ্কৰ দ্ৰুত অৱনতি ঘটে।