মনোৰঞ্জন

ভুৱা বাতৰি প্ৰচাৰৰ ওপৰত খং প্ৰকাশ অক্ষয় কুমাৰৰ,কি কলে অভিনেতা জনে ?

Sentinel Digital Desk

ভুৱা বাতৰি প্ৰচাৰৰ ওপৰত খং প্ৰকাশ অক্ষয় কুমাৰৰ,কি কলে অভিনেতা জনে ? বলিউডৰ অভিনেতা অক্ষয় কুমাৰৰ চলিত বৰ্ষত ইতিমধ্যে তিনি খন ছবিয়ে মুক্তি লাভ কৰিছে । ২০১৯ চনত অক্ষয় কুমাৰৰ চতুৰ্থ খন ছবি মুক্তি পাবলৈ মাত্ৰ কেইটামান দিন বাকী । অক্ষয় কুমাৰৰ কেশৰী , মিছন মংগল, হাউচফুল ৪ য়ে ইতিমধ্যে দৰ্শকৰ সমাদৰ লাভ কৰিছে । তদুপৰি অহা ২৭ ডিচেম্বৰ তাৰিখে অক্ষয় কুমাৰৰ আন এখন ছবি গুড নিউজ শুভ মুক্তি লাভ কৰিব । গুড নিউজৰ মুক্তি সম্পৰ্কে সাংবাদিকৰ‌ লগত হোৱা আলোচনাত অক্ষয় কুমাৰে ভুৱা বাতৰিৰ ওপৰত তেওঁৰ মত ব্যক্ত কৰে।

ভুৱা বাতৰিৰ ওপৰত মন্তব্য প্ৰকাশ কৰি অক্ষয় কুমাৰে কয় যে ভুৱা বাতৰিৰ ফলত বহু ভাল সম্বন্ধ ভাঙি যায়,এয়া অতি ভুল । যি কোনো এটা বাতৰি পৰিবেশন কৰাৰ আগত সত্যাসত্য নিৰূপণ কৰিব লাগে বুলি কয় অক্ষয় কুমাৰে।

তাৰ মাজতেই অক্ষয় কুমাৰে কিছুদিন আগতে অক্ষয় কুমাৰ আৰু ৰোহিত চেট্টীৰ মাজত কাজিয়াৰ বাতৰি ভাইৰেল হোৱা প্ৰসংগত কয় যে তেওঁ যেতিয়া বাতৰিটো দেখিছিল তেতিয়া তেওঁৰ ওচৰত ৰোহিত চেট্টী বহি আছিল । তেওঁলোকৰ কাজিয়াৰ বাতৰিটো চাই দুয়ো হাহিছিল কিয়নো বাতৰিটো আছিল সম্পূৰ্ণ মিছা । লগতে কয় যে এনেকুৱা কিছুমান বাতৰিৰ পৰা কিছুমানৰ সম্পৰ্কৰ ওপৰত প্ৰভাৱ পৰে । বহু লোকৰ কৰ্মজীৱন বিপদত পৰি যায় । তদুপৰি অক্ষয় কুমাৰে কয় যে তেওঁ ছবি জগতত ৩০ বছৰৰ পৰা জড়িত হৈ আছে আৰু কিছুমান ভুৱা বাতৰিৰ ফলত বহুতৰে সম্পৰ্ক ভঙাও তেওঁ দেখা পাইছে আনকি বিবাদ বিচ্ছেদো হয় । যাৰ বাবে অভিনেতা গৰাকীয়ে অনুৰোধ জনায় যে বাতৰি এটা লিখাৰ আগতে ধ্যান ৰাখিব লাগে যে বাতৰিটো কিমান দূৰ সঁচা ।

অভিনেতা গৰাকীয়ে কয় যে তেওঁৰ চিন্তাধাৰা অতি সকৰাত্মক । তেওঁৰ এখনৰ পিছত এখনকৈ ১৪ খন ছবিয়ে ফ্লপ হৈছিল কিন্তু তাৰ বাবে কাৰো অহিত চিন্তা কৰা নাই আৰু যাৰ ফলত তেওঁৰ ওচৰত কামৰ অভাৱ নাই বুলি কয় অক্ষয় কুমাৰে ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Ganja worth 10 kg seized at Lumding Railway Station, One Apprehended