মনোৰঞ্জন

অতিৰিক্ত প্ৰশ্ন কৰি বলীউডৰ ছবিৰ পৰা বাহিৰ হ’ল এই গৰাকী অভিনেত্ৰী

Sentinel Digital Desk

বলীউডৰ অভিনেত্ৰী বিদ্যা বালানে জয়াললিতাৰ বায়’পিকত অভিনয় কৰিব বুলি ওলোৱা গুজবে উৎসুকতাৰ সৃষ্টি কৰিছিল অভিনেত্ৰী গৰাকীৰ অনুৰাগীসকলৰ মাজত ৷ কিন্তু শেহতীয়া ছবিখনৰ নিৰ্মাতাসকলে নাকচ কৰিলে এই খবৰ ৷ কাৰণ ছবিখনৰ সন্দৰ্ভত সততে প্ৰশ্ন কৰি ব্যতিবস্ত কৰি তুলিছিল নিৰ্মাতাক ৷

এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি বিদ্যা বালানে জয়া ললিতাৰ জীৱনৰ বিষয়ে অধিক জানিবৰ বিছাৰিছিল ৷ এই কথাই ছবিখনৰ লগত জৰিত লোকসকলক ব্যতিবস্ত কৰি তুলিছিল ৷ ইয়াৰ পিছতেই পৰিচালক বিজেন্দ্ৰ প্ৰসাদৰ মত অনুসৰি বিদ্যা বালানৰ ঠাইত কংগনা ৰাণাউটক লয় ছবিখনত ৷উল্লেখ্য যে মণি কৰ্ণিকা ছবিত একেলগে কাম কৰিছিল বীজেন্দ্ৰ আৰু কংগনা ৰাণাউটে ৷

বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটে ২৩ মাৰ্চত হৈ যোৱা জন্ম দিনত ৰাজনৈতিক নেত্ৰী জয়াললিতাৰ বায়’পিকত অভিনয় কৰাৰ কথাটো ঘোষণা কৰে । আৰু ইয়াৰ লগে লগে কংগনা ৰানাউট দেশৰ সকলোতকৈ দামী অভিনেত্ৰীৰ খিতাপো লাভ কৰে ৷ এক তথ্য অনুসৰি তামিল আৰু হিন্দী ভাষাত নিৰ্মিত হ’ব লগা এই ছবিখনৰ নিৰ্মাতাকাৰী সকলে কংগনা ৰাণাউটৰ ওপৰত বহুতো ভৰষা কৰিছে ৷ সেয়েহে ২৪ কোটি টকা দিবলৈও কোনো চিন্তা কৰা নাই ছবিখনৰ নিৰ্মাতাসকলে ।

কিন্তু জয়াললিতাৰ বায়’পিকত কংগনা ৰানাউটক অ’ফাৰ কৰা পাৰিশ্ৰমিকেহে সকলোকে আচম্বিত কৰিছে ৷ কাৰণ কংগনা ৰানাউটক পাৰিশ্ৰমিক হিচাপে অ’ফাৰ কৰিছে ২৪ কোটি টকা ৷ আৰু ইয়াৰ কাৰণে কংগনা ৰানাউটে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে ৷ ইয়াৰ কাৰণে কংগনা ৰানাউটে তামিল শিকিব ৷ যাতে জয়া ললিতাৰ চৰিত্ৰটো বাস্তৱায়িত কৰিব পাৰে ৷

এই সন্দৰ্ভত কংগনা ৰানাউটে কয় যে মই জয়াললিতাৰ চৰিত্ৰটো আৰু ওচৰৰ পৰা জানিব বিছাৰো ৷ সেই চৰিত্ৰটোৰ লগত মই একাত্ম হ’ব বিচাৰোঁ ৷ কাৰণেই মই তামিল শিকিব বিছাৰোঁ ৷ যেতিয়াই পংগা আৰু মেন্টল হ্যে কিয়া ছবি খনৰ দৃশ্য গ্ৰহণ সমাপ্ত হ’ব তেতিয়াই মই তামিল ভাষা শিকিবলৈ ক্লাছ কৰিম ৷

পূৰ্বতে কংগনাৰ ফীজ আছিল ১১ কোটি টকা। কিন্তু চিমৰণ আৰু ৰংগুণ বক্স অফিচত ফ্ল’প হোৱাৰ হোৱাৰ পিছত কংগনাই ফীজৰ পৰিমাণ হ্ৰাস কৰে। বহু চৰ্চিত ছবি মণিকৰ্ণিকাৰ সফলতাৰ পিছত কংগনা ৰাণাউটে ফীজৰ পৰিমাণ বৃদ্ধি কৰে ৷ অন্যহাতে বলীউডত এয়া প্ৰথমবাৰৰ কাৰণে হৈছে যে কোনো অভিনেত্ৰীক ২৪ কোটি টকা দিয়া হৈছে ৷ ইয়াৰ পূৰ্বতে পদ্মাৱতৰ কাৰণে দীপিকা পাডুকনক ১৩ কোটি টকা দিয়া হৈছিল। বীৰে দী ৱেডিঙৰ কাৰণে কৰীনা কাপুৰ খানক ৭ কোটি টকা দিয়া হৈছিল ৷কিন্তু সম্প্ৰতি কৰীনাই ফীজ ১০ কোটি টকালৈ বৃদ্ধি কৰিছে ৷