মনোৰঞ্জন

বলীউড তথা হলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰা পেৰিছত:কিন্তু কিয়?

Sentinel Digital Desk

বলীউড তথা হলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰা ব্যস্ত আছে পেৰিছত ৷ কিন্তু পেৰিছত সম্প্ৰতি প্ৰিয়াংকা চোপ্ৰা,নিক জ’নাছ,ছ’ফি ট’নাৰ আৰু জ’ জ’নাছৰ লগতে পাৰ্টি কৰাতহে ব্যস্ত আছে ৷ ইফালে পাৰ্টিৰ সকলো আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত সম্প্ৰতি ভাইৰেল হৈ পৰিছে। ইয়াৰ ভিতৰত কিছুমান প্ৰিয়াংকা চোপ্ৰা আৰু নিক জ’নাছৰ কোলাত বহি থকা দেখিবলৈ পোৱা গৈছে ৷

https://www.instagram.com/p/BzBcopOhEQ7/

লগতে প্ৰিয়াংকাক ড্ৰিঙ্ক আৰু ডান্সৰ লগত আনন্দ কৰি থকা দেখিবলৈ পোৱা গৈছে ৷ অন্যহাতে ছ’ফী ট’নাৰ আৰু জ’ জনাছে এক মে’ত গোপানে বিবাহ পাশত আৱদ্ধ হয় ৷ ইয়াৰ পিছত পুনৰ এবাৰ পেৰিছত বিবাহ পাশত আৱদ্ধ হ’ব। অৱশ্যে এতিয়ালৈকে এই সন্দৰ্ভত কোনো তথ্য পোৱা নাই।

বলীউড তথা হলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰা আমেৰিকাৰ বোৱাৰী হলেও,এগৰাকী ভাৰতীয় বোৱাৰীৰ লক্ষণ দেখা যায় অভিনেত্ৰী গৰাকীৰ মাজত ৷ প্ৰিয়াংকা চোপ্ৰাৰ ছ’চিয়েল মিডিয়াৰ একাউন্টত সততে স্বামী নিক জ’নাছৰ লগতে জ’নাছ ব্ৰাদাৰ্ছ আৰু জ’নাছ চিষ্টাৰ্ছৰ ফ’টোৱে ভৰি থাকে ৷ অলপতে প্ৰিয়াংকাই ইনষ্টাগ্ৰাম একাউন্টত ডেনিয়েল জ’নাছ আৰু চ’ফী টনাৰৰ লগত এখন ফ’টো প’ষ্ট কৰিছে ৷ আৰু লিখিছে জে চিষ্টাৰ্ছ আকৌ একেলগে৷

লগতে প্ৰিয়াংকা জ’ জনাছৰ প্ৰেমিকা ছ’ফি আৰু কবিন জ’নাছৰ পত্নী ডেনিয়েলক টেগ কৰিছে ৷ এই তিনিগৰাকী অথাৎ জে চিষ্টাৰ্ছক দেখিবলৈ পোৱা গৈছে “চাকাৰ” ভিডিঅ’টিত ৷ আৰু সদ্যহতে তেওঁলোকে “কুল” মুক্তি দিছে ৷ ইফালে কুল মুক্তি দিয়াৰ পিছতো প্ৰিয়াংকা চোপ্ৰাই সমগ্ৰ পৰিয়ালৰ এখন ফ’টো শ্বেয়াৰ কৰিছে ৷ ফ’টো খনত নিক জ’নাছ, কবিন জ’নাছ, জ’ জ’নাছ,সফী ট’নাৰ আৰু ডেনিয়েল জ’নাছৰ দেখা গৈছে ৷

ইফালে প্ৰিয়াংকা ছোপ্ৰাক শেহতীয়াকৈ দেখা যাব দ্য স্কাই ইজ পিংকত ৷ প্ৰিয়াংকাৰ উপৰিও ছবিখনত আছে ফাৰহান আখতাৰ আৰু জাইৰা বসীম ৷ নিক জ’নাছ সম্প্ৰতি ব্যস্ত আছে জুমাজী ৱেনকাম টু দ্য জংগলত ৷

প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোনাছ দুয়োজন ইজনে সিজনৰ লগত কিছুদিন প্ৰেমৰ সম্পৰ্কত থকাৰ পিছত বিবাহ পাশত আৱদ্ধ হয় ৷ বিয়াৰ পিছত দুয়ো গৰাকী ছুপাৰষ্টাৰে ইজনে সিজনৰ লগত কটোৱা মুহুৰ্তসমুহৰ ফ’টো প্ৰায়ে চ’চিয়েল মিডিয়াৰ যোগে অনুৰাগীলৈ আগবঢ়াই ৷

উল্লেখ্য যে,১ আৰু ২ ডিচেম্বৰত যোধপুৰৰ উমেদ ভৱনত প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্সৰ বিবাহ সম্পন্ন হয়। ১ ডিচেম্বৰত প্ৰিয়াংকা আৰু নিকৰ খ্ৰীষ্টীয়ান ৰীতি নীতিৰে বিবাহ সম্পন্ন হোৱাৰ বিপৰীতে ২ ডিচেম্বৰত অগ্নিক সাক্ষী কৰি হিন্দু ৰীতি নীতিৰে বিবাহপাশত আৱদ্ধ হয় নিক আৰু প্ৰিয়াংকা । হিন্দু ৰীতি নীতিৰে বিবাহ সম্পন্ন হওঁতে নিক জোন্স ঘোৰাঁৰ ওপৰতো উঠে ৷ লগতে প্ৰিয়াংকা আৰু নিকৰ বিয়াত প্ৰায় ১১ জন পণ্ডিতৰ মন্ত্ৰৰ উচ্চাৰণত বিয়া সম্পন্ন হয় ৷