মনোৰঞ্জন

বলীউডৰ ভাৰত ছবিয়ে পাঁচ দিনত উপাৰ্জন কৰিলে ১০০ কোটি

Sentinel Digital Desk

বলীউডৰ সদ্যমুক্তি প্ৰাপ্ত ছবি ভাৰতে পাঁচ দিনত উপাৰ্জন কৰিছে মুঠ ১০০ কোটি টকা ৷ট্ৰেড এনালিষ্ট তৰুণ আদৰ্শই টুইটাৰ যোগে প্ৰকাশ কৰিছে ভাৰতে তৃতীয় দিনাও নিজৰ ধাৰা অব্যাহত ৰাখিছে। মুক্তিৰ প্ৰথম দিনা ৪২.৩০ কোটি টকা,দ্বিতীয় দিনা ৩১ কোটি টকা আৰু তৃতীয় দিনা ২২.৩০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়।

https://twitter.com/taran_adarsh/status/1137238018295648256

ইফালে মাত্ৰ তিনি দিনতে ভাৰতে ২০১৯ চনৰ সকলোতকৈ অধিক উপাৰ্জন কৰা ছবি হিছাপে পৰিগণিত হৈছে ৷ ১১ জানুৱাৰীত মুক্তি লাভ কৰা উৰি দ্য চাৰ্জিকেল ষ্ট্ৰাইকৈ উপাৰ্জন কৰে ২৪৪.০৬ কোটি,ট’টেল ধামালে ১৫৪ কোটি, কেছৰীয়ে ১৫৩ কোটি, গ’লী বায় ১৩৯.৩৮ কোটি,দে দে প্যাৰ দে ৯৭.০১ কোটি আৰু ভাৰতে এই পৰ্যন্ত উপাৰ্জন কৰে ৯৫.৫০ কোটি টকা ৷ ইফালে ভাৰত আছিল এই বছৰৰ বহু প্ৰতীক্ষিত ছবি ৷

ছলমান খানৰ চৰ্চিত ছবি ভাৰতে বক্স অফিচত মুক্তিৰ প্ৰথম দিনাই ধুমুহাৰ সৃষ্টি কৰিছে ৷ বুধবাৰে ঈদৰ দিনা ছবিখনে মুক্তি লাভ কৰাৰ লগে লগে ৪২.৩০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় ভাৰতে । আৰু আশ্চৰ্য্যজনক ভাৱে ছলমান খানৰ ভাৰত ছবিখন মুক্তিৰ প্ৰথম দিনা কেৰিয়াৰৰ সকলোতকৈ সৰ্বাধিক উপাৰ্জন কৰা ছবি হিছাপে পৰিগণিত হৈছে ৷

ভাৰত ছবিক দৰ্শকে আকোঁৱালি লোৱাৰ পিছত অনুৰাগীক উদ্দেশ্য কৰি বলীউডৰ অভিনেতা ছলমান খানৰ এক বিশেষ বাৰ্তা ৷ ছ’চিয়েল মিডিয়াৰ যোগেৰে দৰ্শকক ভাৰত ছবিক আকোঁৱালি লোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে ৷ বলীউডৰ অভিনেতা ছলমান খানে টুইটাৰ যোগে প্ৰকাশ কৰে যে আপোনালোকক মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ অপেনিং দিয়াৰ কাৰণে অশেষ ধন্যবাদ ৷ কিন্তু মোৰ কাৰণে সকলোতকৈ ডাঙৰ কথা এয়ে যে যেতিয়া ছবিখনত ৰাষ্ট্ৰীয় গান বাজে তেতিয়া সকলো আসনৰ পৰা উঠি সন্মান জনায় ৷আমাৰ দেশৰ কাৰণে ইয়াতকৈ আৰু সন্মানৰ কথা একো হ’ব নোৱাৰে ৷জয় হিন্দ ৷ এই মন্তব্য ছলমান খানৰ ৷

ইফালে পূৰ্বতে ছলমান খানৰ টিউব লাইট আৰু ৰেছ ৩ ছবি দুখন বক্স অফিফত সফলতা লাভ কৰিবলৈ সক্ষম ন’হল। অন্যহাতে আলী আব্বাছ জফৰ ভাৰত ছবিখন মুক্তি হোৱাৰ লগে লগে অন লাইন যোগেৰে জনসাধাৰণৰ মাজত বিয়পি পৰে। ইছলাম ধৰ্মী লোকসকলৰ ঈদ, বিশ্ব কাপত দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ খেলৰ মাজতে ভাৰত ছবিৰ উপাৰ্জন যথেষ্ট মন কৰিব লগীয়া। কিন্তু ভাৰত ছবিখনৰ অন লাইনত বিয়পি পৰা প্ৰসংগই ছবিখনৰ আৰ্থিক ক্ষেত্ৰত লোকচানৰ সন্মুখীন হ’ব পাৰে।

ভাৰত ছবিখন ৪৭০০ খন স্কীণত মুক্তি লাভ কৰে। ইয়াৰে ১৩০০ স্কীণ বহিঃদেশত মুক্তি লাভ কৰে।আমি বিগত সময়ত প্ৰত্যক্ষ কৰি আহিছো যে ছলমান খানৰ যিকোনো ছবিয়ে ঈদত মুক্তি লাভ কৰে ৷ ঈদত ছলমান খান এতিয়ালৈকে ৯ খন ছবি মুক্তি লাভ কৰিছে ৷ভাৰত হৈছে ছলমান খানৰ ১০ নম্বৰ ছবি ৷ মন কৰিব লগীয়া কথা এয়ে যে ছলমান খানৰ এতিয়ালৈকে ঈদত মুক্তি লাভ কৰা ৮ খন ছবিয়েই মুক্তি লাভ কৰিছে ৷২০০৯ চনত ছলমানৰ খানৰ ছবি ৱান্টেট ছবি মুক্তি লাভ কৰিছিল ৷ভাৰত ছবিখনত ছলমান খান,কেটৰীনা কাইফ,জেকী শ্ৰফ,সুনীল গোভৰ,দিশা পাটানী আৰু টাবুয়ে অভিনয় কৰিছে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন