মনোৰঞ্জন

মোৰ ছবি হিট হোৱা নাই: অনুৰাগীৰ প্রশংসাৰ প্ৰত্যুত্তৰত ক'লে হৰ্ষবৰ্ধনে

Sentinel Digital Desk

জনপ্ৰিয় অভিনেতা হৰ্ষবৰ্ধন ৰাণেই ২০১৬ চনত "চনম তেৰী কচম"ৰ জৰিয়তে বলিউড আত্মপ্ৰকাশ ঘটাইছিল । অৱশ্যে সুদৰ্শন অভিনেতাজনে বিজয় নাম্বিয়াৰৰ একচন ছবি 'টাইছ'ত গেংষ্টাৰৰ চৰিত্ৰত অভিনয় কৰিহে অধিক জনপ্ৰিয়তা অৰ্জন কৰিছিল । সম্প্ৰতি অভিনেতাজনে জন আব্ৰাহামৰ দ্বাৰা প্ৰযোজিত এখন একচন ছবিত অভিনয়ৰ সুযোগ লাভ কৰিছে । ছবিখন নীলেশ সাহাইৰ ৷ অভিনেতাজনে নিয়মীয়াকৈ তেওঁৰ ৱৰ্ক- আউটৰ ভিডিঅ' ক্লিপছ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰাও দেখিবলৈ পোৱা গৈছে।

মঙলবাৰে অভিনেতাজনৰ এজন অনুৰাগীয়ে তেওঁ অভিনয় কৰা এখন চিনেমাৰ দৃশ্যৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল । ভিডিঅ'টো শ্বেয়াৰ কৰি অনুৰাগীজনে অভিনেতাজনৰ অভিনয়ৰ বাবে প্ৰশংসা কৰি তেওঁক "ৱান মেন আৰ্মী বুলি অভিহিত কৰে ।

ইয়াৰ পিছতে হৰ্ষবৰ্ধন ৰাণে অনুৰাগীজনৰ টুইটৰ প্ৰত্যুত্তৰ দি কয় , "ছাৰ, মোৰ আজিলৈকে কোনো ছবি হিট হোৱা নাই। " আনহাতে, দেশত সম্প্ৰতি বৃদ্ধি পোৱা কৰ'নাৰ দ্বিতীয় ঢৌৰ বিষয়ে মন্তব্য আগবঢ়াই অভিনেতা হৰ্ষবৰ্ধনে কয়, "মোৰ মনত আছে, যোৱা বছৰ মই কিছুমান লোকে কোৱা শুনিছিলো, 'আমি ভাৰতীয় হয়, আমাৰ একো নহয় , আমাৰ শক্তি পৃথিৱীৰ সকলোতকৈ বেছি হয় '। সেই সকলোবোৰ এতিয়া অন্য এক দিশত গতি কৰিছে ।" তেওঁ লগতে কয় যে স্বভাৱিকতে তেওঁ এনে আলোচনাৰ পৰা আঁতৰি থাকে।