মনোৰঞ্জন

ভাৰতীয় ক্ৰিকেটাৰ জশপ্ৰীট বুমৰাহৰ বিষয়ে কি ক’লে দক্ষিণ ভাৰতীয় অভিনেত্ৰী অনুপমাই

Sentinel Digital Desk

ভাৰতীয় ক্ৰিকেটাৰ জশপ্ৰীট বুমৰাহ আৰু দক্ষিণ ভাৰতীয় অভিনেত্ৰী অনুপমাৰ প্ৰেমৰ খবৰে সম্প্ৰতি সকলোতে চৰ্চা লাভ কৰিছে ৷ঠিক তেনে সময়তে অনুপমাই জশপ্ৰীটৰ লগত থকা প্ৰেমৰ বিষয়ে কয় যে আমি কেৱল ভাল বন্ধুহে ৷ আমি ইজনে সিজনৰ লগত ডেট কৰি থকা নাই ৷ এইয়া সাধাৰণ সম্পৰ্ক ৷

২৩ বছৰীয়া অনুপমা মালয়ালম আৰু তেলেগু ছবিৰ অভিনেত্ৰী ৷২০১৫ চনত মালায়ালম ছবি "প্ৰেম"ৰ জৰিয়তে ছবিজগতলৈ আহে অনুপমা ৷ প্ৰায় ১০ খনতকৈ অধিক ছবিত দেখিবলৈ পোৱা গৈছে দক্ষিণ ভাৰতৰ অভিনেত্ৰী অনুপমাক।অনুপমা পাৰ্মেশ্বৰমে দক্ষিণ ভাৰতীয় অভিনেতা নীতিন আৰু চামন্থাৰ লগত ছুপাৰহিট ছবি আ-আ ত অভিনয় কৰে ।ইয়াৰ উপৰিও অভিনেতা ধনুশৰ লগত কোড়ী আদি ছবিত অভিনয় কৰে৷ ইফালে অনুপমাৰ নাম জশপ্ৰীট বুমৰাহৰ লগত সাঙোৰ কোৱাৰ পূৰ্বতে তেলেগু অভিনেত্ৰী ৰাশি খান্নাৰ নাম জৰিত হৈ পৰিছিল জশপ্ৰীটৰ লগত ৷

কিন্তু পিছত ৰাশি খান্নাই কয় যে মই ব্যক্তিগতভাৱে তেওঁক নাজানো আৰু মই তেওঁৰ কেতিয়াও লগ পোৱা নাই ৷ মই কেৱল তেওঁ এজন ক্ৰিকেটৰ বুলিহে জানো ৷উল্লেখ্য যে বুমৰাহ এই কেইদিনত আইচিচি বিশ্ব কাপত নিজৰ প্ৰতিভাৰ কাৰণে চৰ্চিত হৈ আছে ৷

অৱশ্য বলীউডত অথবা দক্ষিণ ভাৰতৰ যিকোনো অভিনেত্ৰী নাম ভাৰতীয় অথবা অন্যান্য দলৰ ক্ৰিকেটাৰৰ লগত জৰিত হৈ পৰাতো নতুন কথা নহয় । বহু অভিনেত্ৰী নাম ক্ৰিকেটাৰৰ নাম সাঙোৰ খাই পৰাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চেলীব্ৰেটীসকলে ৷