মনোৰঞ্জন

আজিৰ পৰা কৰণ জোহৰৰ "ৰকী ঔৰ ৰাণী কী প্ৰেম কাহানী"ৰ চিত্ৰগ্ৰহণ

ভিডিঅ'টোত অভিনেতাজনক এটা নিয়মীয়া পোছাকত দেখা গৈছে, য'ত অলিয়াই এক প্ৰকাৰৰ পৰম্পৰাগত পোছাক পৰিধান কৰিছে ।

Sentinel Digital Desk

কৰণ জোহৰৰ নতুন ছবি " ৰকী ঔৰ ৰাণী কী প্ৰেম কাহানী"ৰ চিত্ৰগ্ৰহণ আজি, ২০ আগষ্টৰ পৰা আৰম্ভ হৈছে। "গলি" বয় খ্যাত ৰণবীৰ সিং আৰু আলিয়া ভাটে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷ আজি এই কথা ঘোষণা কৰা হয়। ৰণবীৰ আৰু আলিয়া ভাটে তেওঁলোকৰ লুক টেষ্ট, প'ষ্টাৰ শ্বুট আদিৰ ভিডিঅ' ছচিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰিছে।

ভিডিঅ'টোত অভিনেতাজনক এটা নিয়মীয়া পোছাকত দেখা গৈছে, য'ত অলিয়াই এক প্ৰকাৰৰ পৰম্পৰাগত পোছাক পৰিধান কৰিছে । ছেটত পৰিচালক জোহৰ আৰু ডিজাইনাৰ মনীষ মালহোত্ৰাকে ধৰি ছবিখনৰ দলটোক দেখা গৈছে । "আৰম্ভ হ'ল ৰকী আৰু ৰাণীৰ কাহিনী। আমাক আপোনালোকৰ মৰম আৰু আশীৰ্বাদ দিয়ক আৰু এই যাত্ৰাত আমাক সংগ দিয়ক । #RockyAurRaniKiPremKahani #RRKPK," ৰণবীৰে এইদৰে লিখিছে ।