মনোৰঞ্জন

সৰু পৰ্দাৰ ধাৰাবাহিক কছোটি জিন্দেগী কীত কৰণ সিং গ্ৰ’ভাৰঃ উৎসুক অনুৰাগী

Sentinel Digital Desk

সৰু পৰ্দাৰ জনপ্ৰিয় ধাৰাবাহিক কছোটি জিন্দেগী কীত পদাৰ্পণ কৰিব এগৰাকী জনপ্ৰিয় অভিনেতাই ৷ বিগত ৬ বছৰ ধৰি সৰু পৰ্দাৰ পৰা আঁতৰত থকা বলীউড আৰু ধাৰাবাহিকৰ অভিনেতা কৰণ সিং গ্ৰ’ভাৰে অনতিপলমে পদাৰ্পণ কৰিব কছোটি কী জিন্দেগীত ৷ কছোটি কী জিন্দেগী ২ত কৰণ সিং গ্ৰভাৰে মিষ্টাৰ বাজাজৰ চৰিত্ৰত অভিনয় কৰিব ।

ইয়াৰোপৰি কৰণ সিং গ্ৰ’ভাৰে ইয়াৰ কাৰণে এটি মোটা অংকৰ পাৰিশ্ৰমিক লৈছে ৷ এক বিশেষ সূত্ৰ মতে কৰণে ইয়াৰ কাৰণে লৈছে ৭৫ লাখ টকা ৷ এক বিশেষ সূত্ৰৰ মত অনুসৰি একতা কাপুৰে কৰণ সিং গ্ৰ’ভাৰক এই ধাৰাবাহিকখনলৈ আনিবৰ কাৰণে চেষ্টা কৰি আছিল ৷কিন্তু কৰণে সন্মতি প্ৰদান কৰা নাছিল ৷ কাৰণ টি ভি যিকোনো অনুষ্ঠানক বহুত সময় দিব লগীয়া হয় ৷

সেয়েহে কৰণ সিং এই চৰিত্ৰটোত অভিনয় কৰিব কাৰণে সন্মতি প্ৰদান কৰা নাছিল। যেতিয়াই কৰণে এই চৰিত্ৰটোৰ কাৰণে মোটা অংকৰ পাৰিশ্ৰমিক বিছাৰিলে ৷তেতিয়া একতা কাপুৰ ৰাজী হৈ যায়৷ ইফালে ইমান বেছি পাৰিশ্ৰমিকৰ পিছত কৰণ সিং গ্ৰ’ভাৰ সকলোতকৈ বেছি পাৰিশ্ৰমিক পোৱা অভিনেতা হিছাপে পৰিগণিত হয় । কৰণ সিং গ্ৰ’ভাৰে প্ৰত্যেক দিনাই লাভ কৰিব ৩ লাখকৈ টকা ৷

ইফালে কৰণেে ১২ ঘন্টাকৈ কাম কৰাৰ লগতে ২৫ দিন কাম কৰিব ৷ গতিকে সৰু পৰ্দাত বহু অভিনেতা আছে যিসকলৰ পাৰিশ্ৰমিক আয় বহুত বেছি কিন্ত সম্প্ৰতি কৰণৰ আয় সকলোতকৈ বেছি । সৰু পৰ্দাৰ আটাইতকৈ বেছি পাৰিশ্ৰমিক পোৱা অভিনেতাসকল হৈছে ৷

জেনিফাৰ উইংগেটঃ সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী জেনিফাৰে পাৰিশ্ৰমিক আয় লাভ কৰিব ১ লাখ টকা। জেনিফাৰ হৈছে সৰু পৰ্দাৰ আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰী ৷বহু জনপ্ৰিয় ধাৰাবাহিকত কাম কৰিছে জেনিফাৰে । প্ৰতিটো খণ্ডৰ কাৰণে জেনিফাৰে লাভ কৰিব ১ লাখ টকা ৷ জেনিফাৰক সৰ্বশেষত দেখা গৈছিল বেপানাহ ধাৰাবাহিকত ৷ উল্লেখ্য যে জেনিফাৰ আছিল কৰণ সিং গ্ৰ’ভাৰৰ প্ৰাক্তন পত্নী ৷

কৰণ পেটেলঃ কৰন পেটেলে লাভ কৰে প্ৰায় ১.২ লাখ টকা ৷এয়ে হ্যে মোহব্বতে ধাৰাবাহিকত অভিনয় কৰা কৰণ পেটেলে এই পাৰিশ্ৰমিক লাভ কৰে এটা এটা খণ্ডত ৷

দিলীপ জোশী ৷

তাৰক মেহতা কা উল্টা চচমাৰ অভিনেতা দিলীপ জোশীয়ে লাভ কৰে ১.৫ লাখ কৰে। ইয়াত জেঠালাল চৰিত্ৰত অভিনয় কৰিছে দিলীপ জোশীয়ে ৷

সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী দিব্যাংকা ত্ৰিপাঠীয়ে লাভ কৰে ১ লাখ টকা ৷ য়ে হ্যে মোহব্বতে ধাৰাবাহিকৰ কাৰণে দিব্যাংকা ত্ৰিপাঠীয়ে প্ৰত্যেকটো খণ্ডৰ কাৰণে লাভ কৰে এই বৃহৎ পৰিমাণৰ ধন । উৰি ছবিত অভিনয় কৰা মোহিত ৰেইনাই এটা এটা ধাৰাবাহিকৰ কাৰণে লাভ কৰে প্ৰায় ১.৭৫ কোটি টকা ৷মোহিত ৰেইনা দেখা গৈছিল দেব’ কা দেব মহাদেৱ ধাৰাবাহিকত।

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন