মনোৰঞ্জন

মৰমৰ কুকুৰ নাইকৰ জন্মদিনত অন্তৰস্পৰ্শী লেখা অভিনেত্ৰী কীৰ্তি সুৰেশৰ

Sentinel Digital Desk

দক্ষিণৰ তথা তামিল ছবিৰ জনপ্ৰিয় অভিনেত্ৰী কীৰ্তি সুৰেশৰ নাইক নামৰ এটা পোহনীয়া কুকুৰ আছে ৷ কুকুৰটো অভিনেত্ৰীগৰাকীৰ অত্যন্ত মৰমৰ ৷ 'নাদিগায়াৰ থিলাগাম' খ্যাত অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে ইনষ্টাগ্ৰামত নাইকৰ ফটো প'ষ্ট কৰে । নাইকৰ শেহতীয়া জন্মদিনত অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত এটা অন্তৰ স্পৰ্শী বাক্য লিখে ৷

নাইকৰ সৈতে তোলা ফটো ইনষ্টাগ্ৰামত প'ষ্ট কৰি কীৰ্তিয়ে লিখিছে , "মোৰ কেঁচুৱা ল'ৰাটো মাত্ৰ ৩ বছৰীয়া হৈছে! মানুহে কয় যে কুকুৰ হৈছে একমাত্ৰ প্ৰাণী, যি আপোনাক নিজতকৈ বেছি ভাল পায় ৷ আৰু ৩ বছৰ ধৰি নাইক মোৰ জীৱনত থকাৰ পিছত মই নাভাবো যে মই এই কথাৰ লগত সন্মত হ'ব নোৱাৰিম ৷ নাইকৰ কণমানি হৃদয়ক মই কল্পনা কৰাতকৈ অধিক ভাল পাওঁ আৰু ই ইমান উষ্ণ যে যিয়েই নহওঁক কিয়, সকলোকে নাইকে আকৰ্ষণ কৰে ।"