মনোৰঞ্জন

দাড়ি ভৰ্তি মুখলৈ জীৱনসংগী বিচাৰিছে এগৰাকী মহিলাই, কোন এইগৰাকী মহিলা ?

Sentinel Digital Desk

ডাঠ চুলি আৰু দাড়িৰ জনপ্ৰিয়তা বৰ্তমান সময়ত সৰ্বাধিক। বহুতো যুৱকে কম বয়সতে দাড়ি ৰাখিবলৈ লৈছে। কিন্তু কেতিয়াবা ছোৱালীৰ মুখত দাড়ি থকাৰ কথা শুনিছেনে? ইংলেণ্ডত বাস কৰা এগৰাকী মহিলা তেওঁৰ দীঘল দাড়িৰ বাবে বিখ্যাত। তেওঁ এতিয়া মানুহৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কিন্তু তেওঁ কি কৰি আছে সেই বিষয়ে বহুতেই অৱগত নহয়।

ইংলেণ্ডত বাস কৰা ৩১ বছৰীয়া হৰনাম কৌৰ এতিয়া ছচিয়েল মিডিয়াত অত্যন্ত চৰ্চিত। ইনষ্টাগ্ৰামত তেওঁৰ ফলোৱাৰ্ছৰ সংখ্যা ১ লাখৰো অধিক।

শেহতীয়াকৈ, মিৰ'ৰ ৱেবছাইটৰ সৈতে কথা পতাৰ সময়ত হৰনামে তেওঁৰ জীৱনৰ বহু কথা ৰাজহুৱাকৈ কৈছিল। হৰ্মোনেল ভাৰসাম্যহীনতাৰ বাবে মহিলাসকলৰ কেনেদৰে দাড়ি গজে, সেই বিষয়ে কৈছিল। যেতিয়া হৰনাম ১১ বছৰীয়া আছিল, তেওঁৰ ডিঙি আৰু থুঁতৰিৰ ওপৰত চুলি বাঢ়িবলৈ আৰম্ভ কৰিছিল। আৰু ১২ বছৰৰ বয়সত চিকিৎসকৰ ওচৰলৈ লৈ যোৱা হৈছিল যুৱতীগৰাকীক। কিন্তু তেতিয়া স্বাস্থ্য পৰীক্ষাৰ অন্তত ধৰা পৰে যে, তেওঁ শৰীৰত পলিচিষ্টিক ওভাৰিৰ লক্ষণে দেখা দিছে।

পিচিঅ'এছে মহিলাৰ হৰমনৰ স্তৰত এক ডাঙৰ পাৰ্থক্য তৈয়াৰ কৰে। ইয়াৰ মুখ্য লক্ষণবোৰ হৈছে অনিয়মীয়া ঋতুস্ৰাৱ, মুখত চুলিৰ বিকাশ আৰু গৰ্ভাৱস্থাৰ সমস্যা ইত্যাদি। প্ৰথম অৱস্থাত মাতৃয়ে তেওঁক ফেচিয়েল ৱাক্সিং কৰাৰ বাবে পাৰ্লাৰলৈ লৈ যায়। এই কমবয়সতে মুখত ৱাক্সিং কৰাৰ যন্ত্ৰণাৰ ফলত হৰনামে এদিন সিদ্ধান্ত লয় যে, তেওঁ আৰু কেতিয়াও ৱাক্সিং নকৰে।

তেতিয়াৰ পৰা তেওঁৰ স্কুলৰ বন্ধুসকলে তেওঁক জোকাই আহিছে। ইয়াৰ বাবে হৰনাম কৌৰ মানসিকভাৱেও ভাঙি পৰিছিল। আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল, জীৱন সংগী বিচাৰি উলিওৱা। হৰনামে কৈছিল যে, ডেটিং কৰোঁতে তেওঁ আত্মবিশ্বাস হেৰুৱাযই কিয়নো কোনেও তেওঁক এনেদৰে গ্ৰহণ কৰিবলৈ ইচ্ছুক নহয়। যেতিয়া তেওঁৰ বয়স ২১ বছৰ আছিল, ভাৰতৰ এজন ল'ৰাৰ সৈতে তেওঁৰ সম্পৰ্ক স্থিৰ হৈছিল, ল'ৰাজনে তেওঁৰ দাড়িৰ ওপৰত প্ৰশ্ন কৰা নাছিল। কিন্তু আন আপত্তিজনক প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰিছিল, যাৰ বাবে বিয়াৰ ২ মাহ পূৰ্বে হৰনামে এই সম্পৰ্ক ছেদ কৰিছিল। হৰনামে কৈছিল যে, তেওঁ বহুতো লোকক লগ পাইছিল যিয়ে তেওঁৰ দৰে এগৰাকী দাড়ি থকা মহিলাৰ ওচৰ চাপিব বিচাৰিছিল। তেওঁলোকৰ ইচ্ছা আৰু আকাংক্ষাৰ বাবে। কিন্তু এতিয়াও হৰনামে আশা এৰি দিয়া নাই। তেওঁ এনে এজন সঙ্গী বিচাৰি আছে যি সকলোবোৰ গ্ৰহণ কৰিব আৰু তেওঁকো গ্ৰহণ কৰিব।