মনোৰঞ্জন

১৫০কোটি টকাৰ ব্ৰেণ্ড এণ্ডৰ্ছমেণ্ট প্ৰত্যাখ্যান "বাহুবলী" খ্যাত প্ৰভাসৰ

প্ৰচুৰ সফলতা আৰু খ্যাতি অৰ্জন কৰা সত্বেও প্ৰভাসে বছৰত একাধিক ছবি কৰিবলৈ ভাল নাপায়।

Sentinel Digital Desk

অবিশ্বাস্য ! "বাহুবলী"খ্যাত অভিনেতা প্ৰভাসে এটা বৃহৎ অংকৰ ধনৰ ব্ৰেণ্ড এণ্ডৰ্ছমেণ্ট প্ৰত্যাখ্যান কৰিছে ৷ বিপুল জনপ্ৰিয় ছবি "বাহুবলী" আৰু "বাহুবলী-২"ত অভিনয়ৰ জৰিয়তে সমগ্ৰ বিশ্বতে এক বৃহৎসংখ্যক অনুৰাগীৰ আধাৰ গঢ়ি তুলিবলৈ সক্ষম হৈছে প্ৰভাসে । তত্সত্বেও মেগাষ্টাৰজনে বিজ্ঞাপনৰ প্ৰতি কোনোধৰণৰ আগ্ৰহ প্ৰকাশ কৰা নাই । সম্প্ৰতি মেগাষ্টাৰজনে ১৫০ কোটি টকাৰ ব্ৰেণ্ড এণ্ডৰ্চমেণ্ট প্ৰত্যাখান কৰিছে । যিহেতু অভিনেতাজনে অনুৰাগীসকলৰ ওপৰত তেওঁৰ প্ৰভাৱৰ বিষয়ে ভালদৰে অৱগত ৷ গতিকে তেওঁ বুদ্ধিমত্তাৰে ব্ৰেণ্ড বাছনি কৰিব বিচাৰে বুলি ঘনিষ্ঠসকলৰ আগত প্ৰকাশ কৰিছে।

ইপিনে, এটা সূত্ৰত প্ৰকাশ যে অভিনেতা প্ৰভাসে এই ব্ৰেণ্ড এণ্ডৰ্চমেণ্ট প্ৰত্যাখ্যান কৰাৰ কাৰণ এইটো নহয় যে সংশ্লিষ্ট ব্ৰেণ্ডটোৰ প্ৰতি তেওঁৰ সমৰ্থন নাই । ইয়াৰ পূৰ্বেও তেওঁ বিভিন্ন ব্ৰেণ্ডক সহায় কৰিছে আৰু ভৱিয্যতেও এনে সহায়  অব্যাহত ৰাখিব । কিন্তু তেওঁ কাৰ সৈতে ব্ৰেণ্ড প্ৰমোচনৰ বাবে ব্যৱসায়িক সম্পৰ্ক কৰিব, তেওঁ তাৰ সিদ্ধান্ত নিৰ্দিষ্ট সময়তহে ল'ব ৷ উল্লেখ্য যে প্ৰচুৰ সফলতা আৰু খ্যাতি অৰ্জন কৰা সত্বেও প্ৰভাসে বছৰত একাধিক ছবি কৰিবলৈ ভাল নাপায়। সম্প্ৰতি অভিনেতাজন এতিয়া ব্যস্ত আছে ৰাধে শ্যামৰ সৈতে । পৰৱৰ্তী সময়ত তেওঁক প্ৰশান্ত নীলৰ ছালৱাৰত দেখা যাব।

ব্ৰেণ্ড এণ্ডৰ্ছমেণ্ট কি?

ব্ৰেণ্ড এণ্ডৰ্ছমেণ্টত সন্মতি জনোৱা মানে এগৰাকী চেলিব্ৰিটিয়ে কোনো ব্ৰেণ্ডৰ মুখপাত্ৰৰূপে কাম কৰা ৷ নিজৰ সামাজিক স্থিতি, জনপ্ৰিয়তা ব্যক্তিত্ব আদিৰ জৰিয়তে সংশ্লিষ্ট ব্ৰেণ্ডক তেওঁ জনপ্ৰিয় কৰি তোলাৰ চেষ্টা কৰে ৷ ব্ৰেণ্ডটো তৈয়াৰকাৰীয়ে কৰা দাবীও সত্য বুলি তেওঁ প্ৰতিষ্ঠা কৰিব লাগে ৷