মনোৰঞ্জন

সাহুৰ প্ৰথম গীতত বলীউডৰ অভিনেত্ৰী শ্ৰদ্ধা আৰু প্ৰভাসৰ কেমেষ্ট্ৰী

Sentinel Digital Desk

বাহুবলী ষ্টাৰ প্ৰভাস আৰু বলীউডৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ ছবি সাহু প্ৰথমটো গীত অনতি পলমে মুক্তি পাব ৷কাৰণ প্ৰভাসে ইনষ্টাগ্ৰামৰ জৰিয়তে ইয়াৰ প’ষ্টাৰ অনুৰাগীলৈ আগবঢ়াইছে ৷ আৰু দুয়োগৰাকী ষ্টাৰকে প’ষ্টাৰখনত অতি আকৰ্ষনীয় ৰূপত দেখা গৈছে ৷ সুজিতৰ পৰিচালনাত নিৰ্মাণ হোৱাৰ সাহু ছবিখনত শ্ৰদ্ধা আৰু প্ৰভাসৰ উপৰিও নীল নিতীন মুকেশ,জেকী শ্ৰফ,মন্দিৰা বেদী,মহেশ মাঞ্জেকাৰ,চাংকী পাণ্ডে,অৰুণ বিজয়ে অভিনয় কৰিছে ৷

https://www.instagram.com/p/Bzfd5zSHnsm/

মুকলি হ’ল সাহুৰ টিজাৰ ৷১.৩ মিনিটৰ টিজাৰটোত আৰম্ভনি হৈছে চাইনাৰ গেটৱে অফ হেবনৰ পৰা আৰম্ভ হৈছে। য’ত সুন্দৰী শ্ৰদ্ধা আৰু প্ৰভাসক দেখিবলৈ পোৱা গৈছে ৷ টিজাৰটোত গেঙ আৰু গাড়ীৰ লগত প্ৰভাসক দেখিবলৈ পোৱা গৈছে ৷ সাহু ছবিখনত দুটা সংলাপহে শুনা গৈছে ৷

সংলাপ কেইটা শুনা গৈছে শ্ৰদ্ধা কাপুৰ আৰু প্ৰভাসৰ মুখত ৷ ডাইৰেক্টৰ সুজীতৰ সাহু ছবিখন হিন্দী,মালায়ালাম, তামিল আৰু তেলেগুত নিৰ্মাণ হ’ব। ছবিখনত জেকী শ্ৰফ,নীল নিতিন মুকেশ আৰু মুৰুলী শৰ্মাই অভিনয় কৰিছে ৷আজি মুক্তি পোৱা ছবিখনৰ টিজাৰটোৱে সম্প্ৰতি চৰ্চা লাভ কৰিছে ৷২০১৮ চনৰ প্ৰভাসৰ জন্ম দিনত ছবিখনৰ প্ৰথম টিজাৰ আহিছিল ৷

সাহুৰ কাৰণে দক্ষিণ ভাৰতৰ অভিনেতা প্ৰভাসে ওজন হ্ৰাস কৰিছিল ।যাৰ কাৰণে প্ৰভাসে জীমলৈ গৈ ওজন হ্ৰাস কৰিছিল ৷ দুবছৰৰ আগয়ে সাহু ছবিৰ দৃশ্যগ্ৰহণ কৰা হৈছিল ৷ সাহুৰ কাৰণে ৮৭-৮৮ কিলো ওজন আৱশ্যক। সাহুৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ কৰা হৈছে ৷ কিন্তু ওজনৰ ক্ষেত্ৰত আমি কাম কৰি আছোঁ ৷অন্যহাতে,৩০০ কোটি বাজেটে নিৰ্মাণ হৈছে সাহু ৷

বলীউডৰ পৰিচালক প্ৰযোজক তথা বিছাৰক ৰোহিত চেট্টীৰ কথা সকলোৱে জানে ৷ৰোহিত চেট্টীৰ ছবি আৰু গাড়ী যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷কিন্তু ৰোহিত চেট্টীৰ এইবাৰ প্ৰত্যাহ্বান জনাইছে সাহু ছবিৰ পৰিচালক সুজিতৰ ৷ৰোহিত চেট্টীৰ ছবিসমূহত য’ত প্ৰায় এক দৰ্জন গাড়ী উৰাই। ইয়াৰ বিপৰীতে সাহুত পৰিচালক সুজিতে প্ৰায় তিনিডৰ্জন গাড়ী ব্লাষ্ট কৰোৱাই ৷

এই ছবি খনৰ এক্সন এভেঞ্জাৰ আৰু টান্সফাৰ্মছৰ দৰে ছবিৰ ডিজাইন কৰা এটি টিমে নিৰ্মাণ কৰিছে ৷ মনকৰিবলগীয়া কথা এয়ে যে সাহু ছবিখনৰ টাইটেল লোৱা হৈছে সংস্কৃতৰ পৰা ৷সম্ভৱত প্ৰথমবাৰৰ কাৰণে বলীউডত কোনো ছবিৰ টাইটেল সংস্কৃতত লোৱা হৈছে ৷ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি ছবিখনত প্ৰভাসৰ বিপৰীতে শ্ৰদ্ধা কাপুৰক লোৱাৰ সিদ্ধান্ত আছিল পৰিচালক সুজীতৰ ৷