মনোৰঞ্জন

ছ’চিয়েল মিডিয়াত খলকনি তুলিছে অভিনেত্ৰী ৰাধিকা আপ্তেৰ ব’ল্ড দৃশ্যই

Sentinel Digital Desk

অভিনেত্ৰী ৰাধিকা আপ্তে হৈছে বলীউডৰ ব'ল্ড দৃশ্য অথবা সাহসী দৃশ্য ৰূপায়নৰ কাৰণে জনা যায় ৷ অৰ্থাৎ ব'ল্ড দৃশ্য ৰূপায়ন কৰাত ৰাধিকা কেতিয়াও পিছ নপৰে ৷ইতিমধ্যে অভিনেত্ৰীগৰাকীয়ে "পাৰ্শ্ব" ছবিত সাহসী দৃশ্য উপস্থাপন কৰি সকলোৰে মাজত চৰ্চিত হৈছিল ৷ কিন্তু সদ্যহতে আকৌ চৰ্চালৈ আহিছে ৰাধিকা আপ্তে ৷ কাৰণ শ্লামডগ মিলিয়নাৰ অভিনেতা দেৱ পেটেলৰ লগত কৰা ব’ল্ড দৃশ্য ছ’চিয়েল মিডিয়াত সৰ্বত্ৰে ভাইৰেল হৈ পৰিছে ৷

দেৱ পেটেলৰ লগত কৰা ৰাধিকা আপ্তেৰ এই ছবি খনৰ নাম হৈছে "দ্য ৱেডিং গেষ্ট" ৷ছবিখন আমেৰিকা যুক্ত ৰাষ্ট্ৰত মুক্তি লাভ কৰিছিল মাৰ্চৰ ১ তাৰিখে ৷ ব্ৰিট্টিশ আমেৰিকান এই ছবিখন হৈছে এখন এক্সন ধৰ্মী ছবি ৷ ৰাধিকা আপ্তে আৰু দেৱ পেটেলৰ উপৰিও ছবিখনত অভিনয় কৰিছে জিম শ্বৰবাহে ৷

উল্লেখ্য যে ৱল্ড দৃশ্যত অভিনয় কৰাটো ৰাধিকা আপ্তেৰ নতুন কথা নহয়। ৱাহ লাইফ হো ট’ এইচি ছবিৰ জৰিয়তে বলীউডত প্ৰবেশ কৰা ৰাধিকা আপ্তে বেংগলী,মাৰাঠী ছবিত অভিনয় কৰিছে ৷ বলীউডত ২০১৫ চনত হিট ছবি বদলাপুৰত অভিনয় কৰে ৷ ২০১৮ চনৰ ছুপাৰহিট হিন্দী ছবি পেড মেন ৰাধিকাৰ উল্লেখযোগ্য ছবি ৷

লগতে ২০১৮ চনৰ অন্ধাধুন ছবিতো অভিনয় কৰে ৰাধিকা আপ্তে ৷বলীউডত যিকোনো ৱল্ড দৃশ্যত অভিনয় কৰা ৰাধিকাই বহু ছুটি ছবিতো অভিনয় কৰিছে ৷ইয়াৰ ভিতৰত ডাৰমিয়া,ইভ টিজিং,দ্য ডে আফ্টাৰ এভৰিডে আদি। লগতে ৰাধিকা বলীউডৰ ছবিজগতত শাৰীৰিক নিৰ্যাতন সন্দৰ্ভত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ লগতে ভাৰতত চৰ্চিত মী টুক ৰাধিকা আপ্তেই সন্মতি প্ৰদান কৰিছিল ৷