মনোৰঞ্জন

সাৰা আলী খান আৰু কাৰ্তিক আয়ানক উদ্দেশ্যে ৰনৱীৰ সিঙৰ বাৰ্তা

Sentinel Digital Desk

বলীউডৰ অভিনেত্ৰী সাৰা আলি খান আৰু কাৰ্তিক আয়ানে শেহতীয়াকৈ লভ আজ কল ২ ৰ দৃশ্যগ্ৰহণ শেষ কৰিলে। সোমবাৰে পৰিচালক ইমতিয়াজ আলীৰ লভ আজ কল ২ দৃশ্য গ্ৰহণ সমাপ্ত হোৱাৰ পিছত কাৰ্তিক আয়ান আৰু সাৰা আলী খানে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ছবিখনৰ দৃশ্য গ্ৰহণৰ বিভিন্ন আলোকচিত্ৰ অনুৰাগীলৈ আগবঢ়াইছ ৷

ইয়াৰ পিছতেই বলীউডৰ আন এজন অভিনেতা ৰনবীৰ সিং সাৰা আৰু কাৰ্তিক আয়ানক কয় যে পাহৰি নাযাবা সকলোতকৈ প্ৰথমতে কোনে মিলাইছিল ৷ ইফালে কৰণ জোহৰৰ জনপ্ৰিয় অনুষ্ঠান কফী উইথ কৰণত সাৰা আলি খানে কৈছিল যে কাৰ্তিক আয়ানক ভাল লাগে সাৰাৰ ৷আৰু সেই সময়তে সাৰা আৰু ৰনবীৰ সিঙে চিম্বা ছবিৰ প্ৰম্যোশ্যন কৰি আছিল ৷ ইয়াৰ পিছতেই এটি অনুষ্ঠান ৰনবীৰ সিঙে সাৰা আলি খান আৰু কাৰ্তিক আয়ানক চিনাকি কৰাই দিয়ে৷সদ্যহতে সাৰা আৰু কাৰ্তিক আয়ানে ইমতিয়াজ আলীৰ লভ আজ কল টু দৃশ্য গ্ৰহণ কৰি আছে ৷ ছবিখনৰ দৃশ্য গ্ৰহণ দিল্লী,উদয়পুৰ,মুম্বাই আৰু হিমাচল প্ৰদেশত কৰা হৈছে ৷

https://www.instagram.com/p/BzX-83dl3f5/

ইনষ্টাগ্ৰামৰ জৰিয়তে সাৰা আলি খানে লভ আজ কল টুৰ সকলো কলা কুশলীক উদ্দেশ্য কৰি বাৰ্তা প্ৰেৰণ কৰে। লগতে কাৰ্তিক আয়ানক উদ্দেশ্য কৰি সাৰাই লিখে যে মোক সকলো সময়তে কমফৰ্টেবল পৰিবেশ সৃষ্টি কৰি দিয়াৰ কাৰণে ধন্যবাদ ।কফীৰ পৰা চাহলৈকে প্ৰতিটো মুহুৰ্ততে মোক সংগ দিয়াৰ কাৰণে ধন্যবাদ ৷মই আশা কৰিছোঁ আমি আকৌ একেলগে আকৌ ছবি কৰিম। ইফালে সাৰাৰ এটি বাৰ্তাত কাৰ্তিক আয়ানে লিখে যে আমাৰ এই যাত্ৰাত এগৰাকী উল্লেখ্যনীয় লগৰী হোৱাৰ কাৰণে ধন্যবাদ ৷সাৰা আলি খানৰ লগত মই পুনৰ কাম কৰিব বিচাৰোঁ ৷

https://www.instagram.com/p/BzYPp9Tl2s1/

অন্যহাতে ছবিখনৰ অন্য এজন অভিনেতা ৰনডীপ হুডায়ে টুইটাৰৰ জৰিয়তে নিজৰ অভিব্যক্তি প্ৰকাশ কৰে ৷লভ আজ কল ২ ছবি খনৰ মুক্তি পাব ২০২০ চনৰ ১৪ ফ্ৰেব্ৰুৱাৰীত ৷ ছবিখন ২০০৯ চনৰ মুক্তি লাভ কৰা ছবি লভ আজ কল ছবিৰ ছিকুৱেল ৷অন্যহাতে,শেহতীয়াকৈ লুকা চুপীৰ অভিনেতা কাৰ্তিক আয়ানক প্ৰত্যক্ষ কৰা হ’ল সাৰা আলি খানৰ বাসগৃহৰ বাহিৰত ৷অৱশ্যে কাৰ্তিকে কেমেৰা দেখি মুখ লুকুৱাবলৈ যত্ন কৰে ৷ কাৰ্তিক আয়ানক দেখিবলৈ পোৱা যাব পতি পত্নী আৰু ৱ’ ছবিৰ ৰিমেকত ৷ এই ছবিখনত অন্যন্যা পাণ্ডে আৰু ভূমি পাডনেকাৰে অভিনয় কৰিছে ৷ইফালে সাৰা আলী খানক দেখিবলৈ পোৱা যাব কুলী নাম্বাৰ ১ ত।