মনোৰঞ্জন

ছুপাৰ ডান্সাৰ খণ্ড-৪ ৰ ছেটত অশ্ৰু নিগৰিল শিল্পা শেট্টীৰ

Sentinel Digital Desk

 বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টী কুন্দ্ৰাই এই সপ্তাহৰ পৰা কীডছ ডান্স ৰিয়েলিটি শ্ব' ছুপাৰ ডান্সাৰ চেপ্টাৰ ৪ ৰ দৃশ্যগ্ৰহণ পুনৰ আৰম্ভ কৰিছে। শ্বুটিং স্থলীৰ ওচৰত অভিনেত্ৰীগৰাকীক নীলা-ৰঙা ফুলৰ শাৰী পিন্ধি দৃশ্যগ্ৰহণৰ বাবে সাজু হৈ তেওঁৰ বিলাসী ভেনৰ পৰা ওলাই অহা দেখা গৈছিল।

সহ-বিচাৰক আৰু অংশগ্ৰহণকাৰীসকলকে ধৰি ছুপাৰ ডান্সাৰৰ গোটেই দলটোৱে এক সুন্দৰ ভঙ্গীৰে তেওঁক আদৰণি জনায়। ইয়াক লৈ  অভিনেত্ৰীগৰাকী অভিভূত হৈ পৰে আৰু আবেগত তেওঁৰ দুচকুৰে অশ্ৰু নিগৰে । বিচাৰক আৰু অংশগ্ৰহণকাৰীসকলে শিল্পাক বুজনি দি শান্ত কৰে, যি দৃশ্য় অহসনীয় আছিল।

অভিনেত্ৰী শিল্পাই তেওঁৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰাক প'ৰ্ণ ছবি কেলেংকাৰিত গ্ৰেপ্তাৰ কৰাৰ পিছত ছুপাৰ ডান্সাৰ ৪ ৰ দৃশ্যগ্ৰহণ বন্ধ কৰিছিল। তেওঁৰ অনুপস্থিতিৰ সময়ত তেওঁৰ পদটো অস্থায়ীভাৱে কৰিশ্মা কাপুৰ, মৌচুমী চেটাৰ্জী, সোণালী বেন্দ্ৰে, ৰিতেশ দেশমুখ আৰু জেনেলিয়া ডিচুজাৰ দৰে অতিথি বিচাৰকসকলে পূৰণ কৰে।