মনোৰঞ্জন

অজয় দেৱগনৰ লগত বলীউডত প্ৰবেশৰ প্ৰস্তুতি দক্ষিন ভাৰতৰ এই গৰাকী অভিনেত্ৰীৰ

Sentinel Digital Desk

বলীউডৰ অভিনেতা অজয় দেৱগনৰ আহিবলগীয়া এখন ছবিত অনুৰাগী সকলে দেখা পাব পাৰে, দক্ষিণ ভাৰতৰ ছবিৰ জনপ্ৰিয় অভিনেত্ৰী কীৰ্তি সুৰেশক। অভিনেত্ৰী কীৰ্তি সুৰেশে এই ছবি খনৰ জৰিয়তে বলীউডত ডেবিউ কৰিব পাৰে ৷ কীৰ্তি সুৰেশ আৰু অজয় দেৱগনে অভিনয় কৰিব লগা ছবি খন চৈয়দ আব্দুল ৰহিমৰ জীৱনৰ ওপৰত আধাৰিত ৷ চৈয়দ আব্দুল ৰহিম আছিল ভাৰতৰ ফুটবল টিমৰ কোচ আৰু মেনেজাৰ ৷ ছবিখনৰ প্ৰযোজক বনী কাপুৰ আৰু নিৰ্দেশন অমিত শৰ্মাৰ ৷ইফালে ছবিখনৰ যাৱতীয় কাম কাজ বিগত বৰ্ষৰ পৰা কৰা হৈছে ৷

ইতিমধ্যে ছবিখনৰ প্ৰি প্ৰডাকশ্যনৰ কাম আৰম্ভ কৰা হৈছে ৷ কীৰ্তি সুৰেশক ছবিখনৰ এক বিশেষ চৰিত্ৰৰ কাৰণে নিৰ্বাচিত কৰা হৈছে ৷ আৰু কাষ্ট ফাইনেলো কৰা হৈছে ৷ অন্যহাতে,ডাইৰেক্টৰ অমিতে বনী কাপুৰৰ তেৱৰৰ পৰা ডেব্যুয় কৰিছিল ৷ ইয়াৰ বিপৰীতে অজয় দেৱগনে এই কেইদিনত তানাজী দ্য অনসংগ ৱাৰিয়াৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে অজয় দেৱগন ৷ ইয়াৰ পিছত অজয়ে এই ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ কৰিব ৷ ইফালে অজয় দেৱগনৰ ট’টেল ধামালে বক্স অফিচত ধামালৰ সৃষ্টি কৰিছে ৷

ট’টেল ধামালে মুক্তি পোৱা ৮ দিনত ভাৰতত ৪.৭৫ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এনেকৈয়ে ছবি খনে বিগত ৮ দিনত মুঠ ৯৯কোটি ৩০ লাখ টকা উপাৰ্জন কৰিছে ৷সামগ্ৰিক মাৰ্কেটত ছবিখনে এক সপ্তাহত উপাৰ্জন কৰিবলৈ সক্ষম হয় ২০.৯৫ কোটি টকা । লুকা চুপ্পী আৰু সোনচিৰিয়া ছবি মুক্তি পোৱাৰ পিছত ট’টেল ধামাল ছবিখনৰ উপাৰ্জনত প্ৰভাৱ পৰিছে যদিও “ট’টেল ধামাল” ছবিখনে বক্স অফিচত ধামাল কৰি আছে ৷ইফালে ১০০ কোটি টকা উপাৰ্জন কৰাৰ তালিকাত অন্তৰ্ভূক্ত হ’বলৈ যোৱা ট’টেল ধামাল ছবিখন হৈছে অজয় দেৱগনৰ ৯ নম্বৰৰ ছবি ৷১০০ কোটিৰ তালিকাত অন্তৰ্ভূক্ত হোৱা অজয় দেৱগনৰ ছবিসমূহৰ ভিতৰত আছে ২০১০ চনত মুক্তি পোৱা গোলমাল ৩,২০১৭ বৰ্ষত মুক্তি পোৱা অজয় দেৱগনৰ গোলমাল এগেইন ছবিখন আছিল আটাইতকৈ অধিক উপাৰ্জন কৰা ছবি,গোলমাল এগেইনে ভাৰতত উপাৰ্জন কৰে ২০৫.৬৯ কোটি টকা ৷

অজয় দেৱগনৰ ১০০ কোটি উপাৰ্জনৰ ঘৰ অতিক্ৰম কৰা ছবিসমূহ হৈছে গোলমাল ৩ উপাৰ্জন কৰে ১০৬.৩৪ কোটি টকা,ছবিখনে মুক্তি লাভ কৰে ২০১০ চনৰ ৫ নৱেম্বৰ, ২০১১ চনৰ ২০ জুলাইত মুক্তি লাভ কৰা সিংঘম ছবিখনে উপাৰ্জন কৰে ১০০.৩০ কোটি টকা,২০১২ চনৰ ৬ জুলাইত মুক্তি লাভ কৰা বোল বচ্চনে উপাৰ্জন কৰে ১০২.৯৪ কোটি,২০১২ চনৰ ১৩ নৱেম্বৰত মুক্তি লাভ কৰা চন অফ চৰ্দাৰ ছবিখনে উপাৰ্জন কৰে ১০৫.০৩ কোটি টকা,২০১৪ চনৰ ১৫ আগষ্টত মুক্তি লাভ কৰা সিংঘম ৰিটাৰ্নছে উপাৰ্জন কৰে ১৪০.৬২ কোটি টকা,২০১৬ চনৰ ২৮ অক্টোবৰত মুক্তি লাভ কৰা শিৱায় ছবিখনে উপাৰ্জন কৰে ১০০.৩৩ কোটি টকা ৷২০১৭ চনৰ ২০ অক্টোবৰত মুক্তি লাভ কৰা গোলমাল এগেইনে উপাৰ্জন কৰে ২০৫.৬৯ কোটি টকা,২০১৮ চনত মুক্তি লাভ কৰা ছবি ৰেইডে উপাৰ্জন কৰে ১০৩.০৭ কোটি টকা ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন