মনোৰঞ্জন

অমিতাভ বচ্চনৰ 'ঠগ অৱ হিন্দুস্তান' ছবিৰ পোষ্টাৰ মুকলি

Sentinel Digital Desk

প্ৰথম বাৰৰ বাবে টিভি পৰ্দাত বলীউদৰ বিগ-বি অমিতাভ বচ্চন আৰু পিকে ছবিৰ অভিনেতা আমিৰ খানক একেলগে দেখা পোৱা যাব।ছবি খন মুক্তি পাব চলিত বৰ্ষৰ দিপাৱলী সময়ত।স্বাধীনতাৰ আগৰ সময়খিনিত ঠগ তথা 'গুণ্ডাগিৰী/হত্যাকাৰী' সকলে সৃষ্টি কৰা এক পৰিস্থিতিৰ ওপৰত দেখুওৱা হৈছে।

ছবি খনত অমিতাভ বচ্চনে খুদাবক্স চৰিত্ৰটি ৰূপায়ন কৰিছে।য়শ ৰাজ ফিল্মৰ এই ছবি খনত কেটৰিনা কাঈফ,ফাতিমা চানা খানকো দেখা পোৱা যাব।ছবি খনৰ নিৰ্দেশক বিজয় কৃষ্ণা আচাৰ্য্য,ছবি খনৰ দৃশ্যগ্ৰহন কৰা হৈছে বেংকক ফিল্ম চিটীত।নৱেম্বৰৰ ৮তাৰিখে মুক্তি পাব "ঠগ অৱ হিন্দুস্তান"।