মনোৰঞ্জন

অমৃতা সিং এগৰাকী সুদক্ষ মাতৃ: কৰীনা কাপুৰ খান

Sentinel Digital Desk

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কৰীনা কাপুৰ খান আৰু সাৰা আলি খানৰ সম্পৰ্কটোৰ সন্দৰ্ভত জানিব বিচাৰে সকলোৱে ৷ বিশেষকৈ কৰীনা কাপুৰ খানৰ অনুৰাগীসকলে । তাৰ মাজতে চেইফ আলি খান আৰু অমৃতা সিঙৰ জীয়ৰী সাৰা আলি খানে কৰণ জোহৰৰ জনপ্ৰিয় অনুষ্ঠান "কফী উইথ কৰন"ত কয় যে ,কৰীনা কাপুৰ খানে নিবিচাৰে যে সাৰাই কৰীনাক "চোটি মা" বুলি মাতক ৷

এই সন্দৰ্ভত এক অনুস্থানত কৰীনাই অমৃতা সিঙৰ প্ৰশংসাত পঞ্চমুখ হৈ কয় যে, সাৰা আৰু ইব্ৰাহীমৰ লগত ইতিমধ্যে এগৰাকী মাতৃ আছেই ৷ যি গৰাকী মাতৃয়ে সাৰা আৰু ইব্ৰাহীমক সকলো শিক্ষাৰ শিক্ষিত কৰি গঢ়ি তুলিছে ৷ যি গৰাকী মাতৃয়ে তেওঁৰ দুই সন্তানক উচিত শিক্ষাৰে শিক্ষিত কৰি তুলিছে ৷সেই গৰাকী মাতৃৰ স্থান কৰীনাই কেতিয়াও ল’ব নিবিছাৰে। কিন্তু কৰীনা সকলো সময়তে সাৰা আৰু ইব্ৰাহীমৰ বন্ধু হৈ তেওঁলোকৰ লগত থাকিব ৷জীৱনৰ যিকোনো মুহুৰ্ততে ভাল-বেয়া সকলো সময়তে কৰীনা তেওঁলোকৰ লগত থাকিব বুলি মন্তব্য কৰে কৰীনা কাপুৰ খানে ৷

ইফালে সৰু পৰ্দাৰ জনপ্ৰিয় অনুষ্ঠান "কফী উইথ কৰণ" অনুস্থান কৰীনাৰ সন্দৰ্ভত সাৰাই কৈছিল যে চৈইফ আৰু কৰীনাৰ বিয়াৰ পিছত কৰীনাক "আন্টি" অথবা "চোটি মা"বুলি কোৱাৰ প্ৰসংগত কয় যে, কৰীনাই নিবিচাৰে যে সাৰাই কৰীনাক "চোটি মা" বা আন্টি বুলি কওক ৷ কাৰণ কৰীনাৰ ভাষ্য অনুসৰি সাৰাৰ লগত এগৰাকী সুদক্ষ মাতৃ আছেই ৷ তেনে স্থলত কৰীনা সাৰাৰ এগৰাকী ভাল বন্ধু হৈ থাকিব বিচাৰে ৷ কৰীনা কাপুৰ খানে সাৰাই "কৰীনা" অথবা "K" বুলি কোৱাটো বিচাৰে ৷ লগতে সাৰাই কয় যে সম্প্ৰতি তেওঁলোকৰ পৰিয়ালৰ সকলো সুখী ৷ মাতৃ অমৃতা সিং,চৈইফ আলী খান,কৰীনা কাপুৰ খান সকলো নিজৰ ঠাইত সুখী। অন্যহাতে এটা ৰেডিঅ’ জ’কী অনুষ্ঠানত কৰীনাই সাৰা আলী খান সৌন্দৰ্য লগতে বুদ্ধিমত্তাৰ সংযোজন বুলি মন্তব্য কৰে ৷

লগতে কয় যে,দেশ বিদেশৰ প্ৰত্যেকটো খবৰ ৰাখে সাৰা আলী খানে ।সততে দেখা যায় যে,অভিনেতা অভিনেত্ৰীসকলৰ সাধাৰণ জ্ঞানৰ ভাণ্ডাৰ তেনেই নগণ্য হয় । যাৰ কাৰণে প্ৰায়ে ছ’চিয়েল মিডিয়াত অভিনেতা অভিনেত্ৰীসকলৰ চৰ্চাৰ সন্মুখীন হয়। সাৰাৰ অভিনয় সম্পৰ্কত কৰীনাই কয় যে, অভিনেত্ৰী কৰীনাই শ্বুটিঙস্থলীত গৈহে অভিনয় কৰিব লগা চৰিত্ৰটোৰ বিষয়ে অধ্যয়ন কৰে ৷কিন্তু সাৰা এই ক্ষেত্ৰত ব্যতিক্ৰম ৷ সাৰা আলী খানৰ অভিনয় জন্ম প্ৰদত্ত ৷ সাৰাই শ্বুটিস্থলীলৈ যোৱাৰ আগমুহুৰ্তত প্ৰায়ে নিৰ্দিষ্ট চৰিত্ৰটোৰ সন্দৰ্ভে পুনংখানুপুংখ ভাৱে অধ্যয়ন কৰি যায়৷উল্লেখ্য যে, বলীউডৰ বহু চৰ্চিত চৈইফ আলি খান আৰু কৰীনা কাপুৰ খানৰ বিবাহ হৈছিল ২০১২ চনৰ ১৬ অক্টোবৰত৷ ইয়াৰ বিপৰীতে চৈইফ আলি খান আৰু অমৃতা সিঙৰ বিয়া হৈছিল ১৯৯১ চনত ৷ সাৰা আলি খান হৈছে চৈইফ আলি খান আৰু অমৃতা সিঙৰ জীয়ৰী ৷

অন্য খবৰৰ বাবে পঢ়ক: মনোৰঞ্জন