মনোৰঞ্জন

আহি আছে ভাৰতঃ প্ৰতি মুহুৰ্ততে বাঢ়িছে চলচ্চিত্ৰপ্ৰেমীসকলৰ উৎসুকতা

Sentinel Digital Desk

বলীউডৰ দাবাং খ্যাত তথা ভাইজান চলমান খানৰ ’ভাৰত"ছবিখন চৰ্চাৰ শীৰ্ষত। ভাৰত হৈছে এই বছৰৰ চৰ্চাৰ শীৰ্ষত থকা ছবি ৷ ছবিখন ঘোষণা হোৱা দিন ধৰি লো সকলো চলচ্চিত্ৰ প্ৰেমীৰ উৎসুকৰ অন্ত নাই ।চলমান খান আৰু কেটৰীণা কাইফৰ অভিনীত ছবি "ভাৰত"ৰ দৃশ্যগ্ৰহণ হৈছে মুম্বাই,মালতা,দিল্লী আৰু পঞ্জাৱত ৷ ছবিখনৰ প্ৰযোজক পৰিচালকসকলে সদ্যহতে ছবিখনৰ teaser মুকলি কৰিছে আৰু সেই সময়তে ছবিখনৰ ট্ৰেইলৰ চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে সকলো চলচ্চিত্ৰ প্ৰেমীয়ে৷

ইফালে ভাৰত ছবিখনৰ যিকোনো সময়তে ফ’টো অথবা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।সদ্যহতে,ভাৰত ছবিখনৰ এখন ফ’টো মুকলি হৈছে অনুৰাগীসকলৰ মাজত৷ ফ’টোখনত দেখা গৈছে যে,ছবিখনৰ অভিনেতা চলমান খানে এখন চকীত বহি আছে আৰু চকীখনত লিখা আছে ভাৰত । ভাৰত ছবি খনত চলমান খান আৰু কেটৰীণা কাইফৰ উপৰিও অভিনয় কৰিছে দিশা পাটানী,সুনীল গ্ৰ’ভাৰ,টাবু আৰু জেকী শ্ৰফে ৷অন্যহাতে, ভাৰত ছবিখনৰ গীতসমূহৰ ক্ষেত্ৰটো বিশেষ গুৰুত্ব প্ৰদান কৰিছে নিৰ্মাতাসকলে ৷ইতিমধ্যে ছলমান খান আৰু কেটৰীণা কাইফে এটা বিয়াৰ এটি গান দৃশ্যগ্ৰহণ কৰিছে।

এক তথ্য অনুসৰি ভাৰত ছবিখনত বহু কেইটা গীত সংযোজিত কৰিছে৷ সততে দেখা যায় যে চলমান খানৰ প্ৰায় সমূহ ছবি ঈদত মুক্তি লাভ কৰে ৷ব্যক্তিক্ৰম নহয় এইবাৰো ৷চলিত বৰ্ষৰ ঈদত মুক্তি পাব চলমান খানৰ "ভাৰত" ৷ ইফালে অভিনেত্ৰী কেটৰীনা কাঈফেও ভাৰত ছবিখনৰ দৃশ্যগ্ৰহণ স্থানৰ পৰা এখন ফ’টো শ্বেয়াৰ কৰিছে কৰিঅ’গ্ৰাফাৰ বৈভৱী মাৰ্চেন্টৰ সৈতে ৷ ফ’টোখনত কেটৰীণাই কৰিঅ’গ্ৰাফাৰ বৈভৱী মাৰ্চেন্টক সৌহাদ্দ্যপূৰ্ণ আলিংগণেৰে থকা দেখা গৈছে। লগতে ফ’টোখনৰ বেকগ্ৰাউণ্ড আছে ফুলেৰে সজ্জিত হৈ ৷

https://www.instagram.com/p/BtTT_r0gXLJ/

২০১৪ চনৰ দক্ষিন ভাৰতীয় ছবি "Ode to my father"শীৰ্ষক ছবিৰ হিন্দী ৰিমেক "ভাৰত"পৰিচালক আলি আব্বাছ জাফৰে ছবিখনৰ সন্দৰ্ভত টুইট কৰে যে অব ঈদ দূৰ ন’হিঁ ৷ ইফালে কেটৰীনা কাইফেও ভাৰত ছবিখনৰ শ্বুটিং স্থলীৰ পৰা এখন ফ’টো শ্বেয়াৰ কৰি লিখিছে যে "লান্স ব্ৰেক ভাৰত" ৷এই ফ’টোখনত সুনীল গ্ৰোভাৰকো দেখা গৈছে ।কিন্তু ফ’টো খনত থকা ষ্টানিং কেটৰীনা কাইফে বিশেষভাৱে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে চলচ্চিত্ৰ প্ৰেমী সকলক।

https://www.instagram.com/p/Bs20n3jgFa4/

উল্লেখ্য যে ছলমান খানৰ ভাৰত ছবি খনত অন্যান্য অভিনয় শিল্পীসকলৰ উপৰিও আছে বলীউডৰ জনপ্ৰিয় অভিনেতা বৰুণ ধাৱন ৷ অভিনেতা বৰুণ ধাৱনে ছবিখনত যুৱ অৱস্থাৰ ধীৰু ভাই আম্বানীৰ চৰিত্ৰত অভিনয় কৰিছে ৷"ভাৰত" ছবিখনত কেটৰীণা কাইফৰ কাৰ্লি হেয়াৰে যথেষ্ট চৰ্চা লাভ কৰিছে ৷ কাৰণ কেটৰীনা কাইফক সততে দেখা যায় ষ্ট্ৰেইট হেয়াৰত ৷ প্ৰথমবাৰৰ কাৰণে কেটৰীণাক কাৰ্লি হেয়াৰত চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে অনুৰাগীসকলে ৷এই সন্দৰ্ভত কেটৰীনাই কয় যে,যেতিয়া আমি নতুন কিবা এটা কৰোঁ ৷ তেতিয়া দৰ্শকসকলে ভাল পাই ৷ তেওঁলোকে একেটা বস্তুকে প্ৰত্যক্ষ কৰি কৰি আমনি পায় ৷গতিকে কেটৰীনাৰ ষ্টাইলিষ্ট অধুনাৰ কাৰণে কেটৰীনাই ছবিখনত কাৰ্লি চুলিৰে অভিনয় কৰিছে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন