মনোৰঞ্জন

আয়ুষ শৰ্মাৰ পিছত ছলমান খানে এইবাৰ লন্স কৰিব অন্য এগৰাকী ষ্টাৰ কিডক

Sentinel Digital Desk

বলীউডৰ ছল্লু ভাই ছলমান খান সদ্যহতে ব্যস্ত আছে দাবাং ৩ ৰ দৃশ্যগ্ৰহণত ৷ তাৰ মাজতে এক তথ্য অনুসৰি ছলমান খানে অতিশীঘ্ৰেই নিৰ্মাণ কৰিব ভৌতিক ছবি ৷ আৰু এই ভৌতিক ছবিৰ নাম সম্প্ৰতি ছলমান খানে ৰেজিষ্টাৰ কৰিলে ৷ অৱশ্যে ছলমানে খানে পূৰ্বতে ভৌতিক ছবি নিৰ্মাণ কৰা নাই ৷ তথ্য অনুসৰি ছলমানে নিৰ্মাণ কৰা ভৌতিক ছবি খনৰ নাম হ’ব আদমখোৰ ৷ ছবিখনত অভিনয় নকৰে ছলমানে ৷কেৱল প্ৰযোজনাহে কৰিব ৷

ইফালে সদ্যহতে দৃশ্যগ্ৰহণত ব্যস্ত থকা ছলমান খানৰ দাবাং ৩ মুক্তি পাব চলিত বৰ্ষৰ ডিচেম্বৰত ৷ অন্যহাতে, মুক্তি পাব লগা ছলমানৰ আন এখন ছবি হৈছে ভাৰত ৷কেটেৰীনা কাইফ,টাবু,দিশা পাটানীৰ দৰে ষ্টাৰে অভিনয় কৰা ভাৰত সম্প্ৰতি চৰ্চাৰ শীৰ্ষত ৷ইফালে সম্প্ৰতি ছলমানে সঞ্জয় লীলা ভাঞ্চালীৰ ইনচে আল্লাহৰ কাৰণেও চৰ্চাত আছে ৷ এই ছবিখনত আলিয়া ভাট্টৰ লগত প্ৰথমবাৰৰ কাৰণে অভিনয় কৰিব ছলমান খানে ৷

ছলমান খানে বলীউডৰ বহু অভিনেতা অভিনেত্ৰীৰ জীৱনত গড ফাদাৰৰ ভূমিকা গ্ৰহণ কৰিছে ৷ জোৱায়েক আয়ুষ শৰ্মাৰ পিছত ছলমান খানৰ পৰিয়ালৰ অন্য এজন সদস্যক বলীউডত ডেবিউ কৰিব ৷ ছলমান খানৰ ভাগিন অলিজে অগ্নিহোত্ৰীক অনাগত বৰ্ষত বলীউডত ডেবিউ কৰিব ৷প্ৰথমতে দাবাং ৩ ৰ জৰিয়তে বলীউডত প্ৰবেশ কৰাৰ কথা আছিল যদিও অলিজেৰ পিতৃ অতুল অগ্নিহোত্ৰী আৰু মাতৃ অলবীৰা অগ্নিহোত্ৰীৰ এই খবৰক নাকচ কৰে ৷

এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি ছলমান খানে অলিজেৰ কাৰণে ভাল স্কিপ্তৰ সন্ধানত আছে ৷ ২০২০ বৰ্ষত ছলমান খানে লঞ্চ কৰিব পাৰে অলিজেক ৷ এটা ৰোমান্টিক কাহিনীৰ জৰিয়তে আলিজেক লঞ্চ কৰিব ছলমান খানে ৷আৰু এই ছবিখনত আলিজেৰ বিপৰীতে কাক লঞ্চ কৰিব সেয়াও সিদ্ধান্ত কৰা নাই।

অন্যহাতে,সম্প্ৰতি আলিজেই ক্লাচিকেল নৃত্য শিকি আছে ৷ বিগত ৬ মাহৰ পৰা কৰিঅ’গ্ৰাফাৰ সৰোজ খানৰ ওচৰত নৃত্যৰ প্ৰশিক্ষণ লৈ আছে ৷ সৰোজ খানৰ মন্তব্য অনুসৰি মই যুৱতীসকলক ক্লাচিকেল নৃত্যৰ প্ৰশিক্ষণ দিওঁ আৰু আলিজেই ৬ মাহৰ পৰা নৃত্যৰ প্ৰশিক্ষণ লৈ আছে ৷ অনতি পলমে আলিজেক ছবিত অভিনয় কৰা দেখিবলৈ পাব ৷

বলীউডৰ অভিনেতা চলমান খানক বি টাউনৰ সকলো অভিনেত্ৰীৰ লগতে দৰ্শকে প্ৰত্যক্ষ কৰিলে ৷ কিন্তু অন্য এগৰাকী বলীউড সুন্দৰী দীপিকা পাডুকনৰ লগত চলমান খানক কেতিয়া দেখিবলৈ পাব দৰ্শকে ৷ এইটো চলমান খানৰ অনুৰাগী সকলৰ এক বৃহৎ প্ৰশ্ন ৷ ইফালে চলমান খানে নিজেও দীপিকা পাডুকনৰ লগত অভিনয় কৰিবলৈ থকা ইচ্ছাৰ কথা প্ৰকাশ কৰে এটি সাক্ষাৎকাৰ অনুষ্ঠানত ৷

অনুষ্ঠানটিত চলমানে কয় যে মই নিজেও দীপিকা পাডুকনৰ লগত কাম কৰিবলৈ ইচ্ছুক ৷ এতিয়ালৈকে মোক কোনেও দীপিকাৰ সৈতে কাষ্ট কৰিবলৈ অহা নাই ৷ দীপিকা পাডুকন ছুপাৰষ্টাৰ ৷ গতিকে দীপিকা পাডুকনৰ লগত কাম কৰিবলৈ হ’লে তেওঁৰ চৰিত্ৰটোও শক্তিশালী হ’ব লাগিব ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন