মনোৰঞ্জন

"ইণ্ডিয়া গট টেলেণ্ট"ত জিলিকিছে অসম কন্যা প্ৰনিতা স্বৰ্গীয়াৰী;ভিডিঅ'টি উপভোগ কৰক

Sentinel Digital Desk

কৰন জহৰ,কিৰন খেৰ আৰু মালাইকা আৰোৰা খানক পুনৰ একেলগে দেখা পোৱা গৈছে "ইণ্ডিয়া গট টেলেণ্ট"ৰ পৰবৰ্তী খণ্ডত একোগৰাকী বিচাৰক হিচাপে । এই ৰিয়েলিটী অনুষ্ঠানটিত ভিন্ন ঠাই, দেশৰ প্ৰতিযোগী সকলে ভিন্ন ভিন্ন প্ৰতিভা প্ৰদৰ্শন কৰে । অনুষ্ঠানটোৱে প্ৰতিখন ঠাইৰ বিভিন্ন প্ৰতিভাবান লোকসকলক নিজৰ প্ৰতিভা দেখুওৱাবলৈ এখন মঞ্চ প্ৰদান কৰে ।

ইয়াৰ পূৰ্বেই অনুষ্ঠিত হৈ যোৱা অনুষ্ঠানটি কেইটাত বিভিন্ন ধৰনৰ প্ৰতিভা যেনে,জাৱ-দ্ৰপিং,চুলিৰে গাড়ী টনা,মুখেৰে কাচঁ খোৱা আদি ভিন্ন প্ৰতিভাৰ লগতে কিছুমান ব্যতিক্ৰমী নৃত্য,গান,মুখৰ মাত উলিওৱা আদি কাৰ্য্যসমূহো কৰি নিজৰ প্ৰতিভা দৰ্শকৰ আগত উপস্থাপন কৰে । ঠিক এইবাৰো এনেধৰনৰ বিভিন্ন ঠাইৰ বিভিন্ন প্ৰতিযোগীয়ে নিজৰ প্ৰতিভা দেখুওৱায় নিজৰ নাম "ইণ্ডিয়া গট টেলেণ্ট"ত স্থাপিত কৰিবলৈ সক্ষম হ'ব ।

আটাইতকৈ গুৰুত্বপূৰ্ন কথা হ'ল যে,যোৱা শনিবাৰে নিশা ১০বজাত সম্প্ৰসাৰিত হোৱা অনুষ্ঠানটিত অসম কন্যা লগতে জি টিভিত সম্প্ৰসাৰিত হোৱা "ডি আই ডি"খণ্ড ৫ৰ আন এটি ৰিয়েলিটী অনুষ্ঠানৰ বিজয়ী প্ৰনিতা স্বৰ্গীয়াৰীৰ "টুৱেৰ্ক" নৃত্য প্ৰৰ্দশন কৰি বিচাৰকৰ লগতে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছে । তলত প্ৰনিতা নিজ ইনষ্টাগ্ৰাম একাউণ্টত আপলোড কৰা নৃত্যৰ এটি সৰু ভিডিঅ' আগবঢ়োৱা হ'ল ।

https://www.instagram.com/p/BpLovNYFMFA/?hl=en&taken-by=proneetaswargiary

আশা কৰিব পাৰি অসম কন্যা তথা "টুৱেৰ্ক" নৰ্তকী গৰাকীয়ে নিজৰ প্ৰতিভা দেখুওৱায় সফলতাৰ দিশত নিজৰ নাম ৰাখি অসমলৈও সুনাম কঢ়িয়াই আনিব ।